অসম

assam

By

Published : Mar 25, 2021, 8:22 PM IST

ETV Bharat / state

বঙাইগাঁৱত বিজেপিৰ 'সংকল্প পত্ৰ' মুকলি

যোৱা ২৩ মাৰ্চত গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত আয়োজিত অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলৰ নিৰ্বাচনী ইস্তাহাৰ সংকল্প পত্ৰ মুকলি কৰাৰ পিছত ৰাজ্যৰ বিভিন্ন জিলাতো 'সংকল্প পত্ৰ' মুকলি কৰা হয় । বৃহস্পতিবাৰে বঙাইগাঁও চহৰৰ দেউৰীপাৰাস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত মুকলি কৰা হয় দলৰ সংকল্প পত্ৰ ৷

বঙাইগাঁৱত বিজেপি দলৰ 'সংকল্প পত্ৰ' মুকলি
বঙাইগাঁৱত বিজেপি দলৰ 'সংকল্প পত্ৰ' মুকলি

বঙাইগাঁও,২৫ মাৰ্চ: বিজেপিৰ কৰ্মসূচীৰ বিৱৰণ দি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছত বৃহস্পতিবাৰে বঙাইগাঁৱতো জিলা বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে । দেউৰীপাৰাস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত ১০ টা সংকল্প সম্বলিত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে বিজেপিৰ ৰাজ্যিক সমিতিৰ মুখপাত্ৰ জানকী খাউণ্ড, দলৰ অৰ্থনৈতিক কোষৰ সমন্বয়ক দিলজিৎ বৰ্মন, হিমানী অধিকাৰীসহ কেইবাজনো নেতাই ৷

দলৰ জিলা কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত দলৰ ৰাজ্যিক মুখপাত্ৰ জানকী খাউণ্ডে কয় যে, দলৰ ইস্তাহাৰখনত অনাগত দিনত অসমৰ শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক দিশত সফলতা আৰু উন্নয়ন সাধনৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ।

বঙাইগাঁৱত বিজেপি দলৰ 'সংকল্প পত্ৰ' মুকলি

ৰাজ্যিক বিজেপিৰ ইস্তাহাৰ সংকল্প পত্ৰত সন্নিৱিষ্ট আত্মনিৰ্ভৰশীল অসমৰ বাবে গ্ৰহণ কৰা ১০ টা সংকল্পৰ ভিতৰত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ লগতে বান-খহনীয়া ৰোধৰ চেষ্টা কৰা, মহিলাসকলৰ বাবে অৰুণোদয় আঁচনিৰ জৰিয়তে অসমৰ মহিলাসকলক মাহে তিনি হাজাৰ টকা পৰ্যন্ত আৰ্থিক সহায় আগবঢ়োৱাৰ কথা কোৱা হৈছে ।

লগতে অৰ্থনৈতিক উন্নয়নৰ বাবে মহিলাসকলক সবলীকৰণ কৰা, নামঘৰ সুদৃঢ়কৰণ আৰু সত্ৰৰ অধিকাৰ সুৰক্ষা, অসমৰ শিশুসকলৰ এক উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰি তোলা, সংশোধিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ যোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰা, অনাগত দিনত সমষ্টি সীমা নিৰ্ধাৰণৰ যোগেদি অসমৰ ৰাজনৈতিক অধিকাৰক সুৰক্ষা প্ৰদান কৰাৰ আদি প্ৰতিশ্ৰুতি দিয়া হৈছে ৷

২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত এক লাখ নিবনুৱাক সংস্থাপন দিয়াৰ লক্ষ্য স্থিৰ কৰাৰ লগতে অনাগত পাঁচ বছৰত দুই লাখ নিবনুৱাক সংস্থাপন দিয়াৰ কথাও ইস্তাহাৰখনত উল্লেখ কৰা হৈছে বুলি জানকী খাউণ্ডে প্ৰকাশ কৰে ৷ ৰাজ্যিক বিজেপিয়ে পূৰ্বে দুগৰাকী মহিলা প্ৰাৰ্থীৰ প্ৰক্ষেপ কৰাৰ বিপৰীতে এইবাৰ ৯ গৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বুলিও দলৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে ।


লগতে পঢ়ক: পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

ABOUT THE AUTHOR

...view details