অসম

assam

ETV Bharat / state

দ্বি-খণ্ডিত আক্ৰাছু পুনৰ একত্ৰিত

বঙাইগাঁৱত আক্ৰাছুৰ যৌথ সভা, দ্বি-খণ্ডিত আক্ৰাছু একত্ৰিত ৷ জনজাতিকৰণৰ দাবীত পুনৰ তুংগত হৈ উঠিব আন্দোলন"- সংবাদমেলত এই ঘোষণা আক্ৰাছুৰ ।

By

Published : Jul 9, 2019, 10:55 PM IST

দ্বি-খণ্ডিত আক্ৰাছু পুনৰ একত্ৰিত

বঙাইগাঁও,9জুলাইঃ কোঁচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী সমূহৰ সমাধানৰ স্বাৰ্থত আভ্যন্তৰীণ কন্দলত জৰ্জৰিত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু মঙলবাৰে পুনৰ সংগঠিত হয় ৷ আক্ৰাছুৰ সমূহ প্ৰতিনিধিৰ উপস্থিতিত আৰু আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত বুজাবুজিৰ মাধ্যমেৰে লগতে আগন্তুক দিনত জাতিৰ হকে নিঃস্বাৰ্থভাৱে সংগঠনৰ কাম সুচাৰুৰূপে চলাই নিয়াৰ সংকল্প লয় ৷ বৰ্ধিত সভাই অহা ২৯ জুলাইত আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, বিগত লোকসভা নিৰ্বাচনত সংগঠনৰ নীতি উলংঘা কৰাৰ বাবে সংগঠনটোৰ উপ-সভাপতি মুকুল বৰুৱা, সাধাৰণ সম্পাদক গোকুল বৰ্মনক সংগঠনৰ পৰা নিলম্বন কৰা হৈছিল যদিও মঙলবাৰে অনুষ্ঠিত সভাই এই নিলম্বন প্ৰত্যাহাৰ কৰি গোকুল বৰ্মনক সাধাৰণ সম্পাদক হিচাপে বাহাল ৰাখে ৷ ইপিনে বৃহত্তৰ কোঁচ ৰাজবংশী জনগোষ্ঠীটোৰ জাতীয় স্বাৰ্থত দ্বি-বিভক্ত আক্ৰাছু পুনৰ একত্ৰিত হোৱাত জনগোষ্ঠীটোৰ সকলো সদস্যই আদৰি লৈছে।

দ্বি-খণ্ডিত আক্ৰাছু পুনৰ একত্ৰিত

ABOUT THE AUTHOR

...view details