দক্ষিণ অভয়াপুৰী, 20 এপ্ৰিলঃ "নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা ব্যক্তি আৰু দলক জাতিৰক্ষাৰ স্বাৰ্থত সমগ্ৰ অসমবাসীয়ে ভোটদানৰ পৰা বিৰত থাকক ৷"এই মন্তব্য অগপ নেতা ড0 অশ্বিন কুমাৰ মহন্তৰ । শুকুৰবাৰে অভয়াপুৰীত অনুষ্ঠিত সংবাদ মেলত মহন্তই কয় যে যি অগপ নেতৃত্বই ডিঙিৰ শিৰ ফুলাই ফুলাই বিধেয়কখনৰ বিৰোধিতা কৰিছিল, তেওঁলোকে বিজেপিৰ লগত কিয় যাবলগীয়া হ'ল? তেওঁলোকৰ নিজাকৈ নিৰ্বাচন খেলিব পৰা দম নাই নেকি? যি প্ৰাৰ্থীৰ জয়লাভ কৰাৰ সম্ভাৱনা আছে তেওঁকহে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায় অগপ নেতাগৰাকীয়ে ৷ বিজেপিৰ সৈতে মিত্ৰতা কৰা অগপ নেতাসকলে দল আৰু ৰাইজক বিশ্বাসঘাটকতা কৰা বুলি অভিযোগ কৰে মহন্তই ৷
কিয় দল আৰু ৰাইজক বিশ্বাসঘাটকতা কৰিলে অগপ নেতৃত্বই? অশ্বিন মহন্তৰ প্ৰশ্ন
শুকুৰবাৰে অভয়াপুৰীত অনুষ্ঠিত সংবাদ মেলত মহন্তই কয় যে যি অগপ নেতৃত্বই ডিঙিৰ শিৰ ফুলাই ফুলাই বিধেয়কখনৰ বিৰোধিতা কৰিছিল, তেওঁলোকে বিজেপিৰ লগত কিয় যাবলগীয়া হ'ল? তেওঁলোকৰ নিজাকৈ নিৰ্বাচন খেলিব পৰা দম নাই নেকি? যি প্ৰাৰ্থীৰ জয়লাভ কৰাৰ সম্ভাৱনা আছে তেওঁকহে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায় অগপ নেতাগৰাকীয়ে ৷ বিজেপিৰ সৈতে মিত্ৰতা কৰা অগপ নেতাসকলে দল আৰু ৰাইজক বিশ্বাসঘাটকতা কৰা বুলি অভিযোগ কৰে মহন্তই ৷
অভয়াপুৰীত ড. অশ্বিন কুমাৰ মহন্তৰ সংবাদমেল
উল্লেখ্য যে ডo অশ্বিন মহন্তৰ নেতৃত্বত গঠন হোৱা ২০ জনীয়া সমিতিয়ে 24 এপ্ৰিলৰ পৰা ৰাজ্যখনৰ বিভিন্ন স্থানলৈ অগপ দলৰ বৰ্তমানৰ জিলা পৰ্যায়ৰ সমূহ বিষয়ববীয়াক পদত্যাগ কৰিবলৈ প্ৰচেষ্টা চলাব বুলি সংবাদ মেলত সদৰী কৰে। প্ৰয়োজন সাপেক্ষে এই নেতা-কৰ্মীসকলক হেঁচা প্ৰয়োগ কৰি হ'লেও পদত্যাগ কৰাৰ কাৰণে বাধ্য কৰোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। জুন মাহৰ প্ৰথম সপ্তাহত অগপ দলৰ গণ অভিৱৰ্তন তথা গণ সাধাৰণ পৰিষদ আহ্বান কৰি দলটোক পুনৰ গঠন কৰিব বুলিও সংবাদ মেলখনত মহন্তই ঘোষণা কৰে।