অসম

assam

Erosion in Gohpur :মথাউৰিৰ মেৰামতি শীঘ্ৰে কৰিবলৈ নিৰ্দেশ পীযুষ হাজৰীকাৰ

গহপুৰত বান আৰু খহনীয়াৰ খবৰ ললে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই । তেওঁ শীঘ্ৰে সংশ্লিষ্ট বিভাগৰ বিষয়াক পথ আৰু মথাউৰি সমূহ মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে ।

By

Published : Jul 13, 2023, 8:38 PM IST

Published : Jul 13, 2023, 8:38 PM IST

ETV Bharat / state

Erosion in Gohpur :মথাউৰিৰ মেৰামতি শীঘ্ৰে কৰিবলৈ নিৰ্দেশ পীযুষ হাজৰীকাৰ

Massive erosion in Gohpur
জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা

জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা

বিশ্বনাথ ১৩ জুলাই :বান আৰু গৰাখহনীয়াৰ খবৰ ল'বলৈ বৃহস্পতিবাৰে গহপুৰত উপস্থিত হয় জলস্পদ আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা । দুপৰীয়া ১২ বজাত গহপুৰ সমষ্টিৰ ব্ৰহ্মাজান, গহপুৰ নগৰৰ মাজমজিয়াৰে বৈ যোৱা ছত্ৰং নদীয়ে সৃষ্টি কৰা বানপানী ,খহনীয়াৰ স্থান সমূহ পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । বানপানী খহনীয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগী এখন দলঙৰ ক্ষতিসাধন হয় । তদুপৰি নগৰখনৰ ৮ টা ৱাৰ্ডৰ এটা পথ বানপানী ফলত ছিঙি যোৱাত বহুকেইটা অঞ্চল ক্ষতিগ্ৰস্ত হয় ।

উক্ত ক্ষতিগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময় কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ শীঘ্ৰেই বিভাগীয় লোকক খহনীয়া ৰোধৰ বাবে ব্যৱস্থা লোৱাৰ লগতে পথ আৰু মথাউৰি সমূহ মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । আনহাতে, গহপুৰ নগৰখনলৈ ভাবুকি কঢ়িয়াই অনা ছত্ৰং নদীৰ খহনীয়াৰ লগতে বিশ্বনাথ চাৰিআলি পৰা গহপুৰলৈ যোৱা চাৰিলাইনযুক্ত পথ নিৰ্মাণ কাৰ্যত কিছু খেলিমেলি হোৱাৰ ফলত গহপুৰ নগৰৰ ৪ নং ৱাৰ্ডৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কেইবাখনো দলঙলৈ ভাবুকি কঢ়িয়াই অনা বিষয়টো ৰাইজে মন্ত্ৰীগৰাকীক অৱগত কৰে । ছত্ৰং নদীৰ গাৰ্ড ৱালৰ কাম ৭০ শতাংশ সম্পূৰ্ণ হোৱা বুলি কয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই । তেওঁ গহপুৰত মথাউৰি নিৰ্মাণৰ বাবে আৰু ৫০ কোটি টকা আগবঢ়োৱাৰ বিষয়েও ঘোষণা কৰে ।

লগতে পঢ়ক:Govt Schools Shut Down: নলবাৰীত পুনৰ চৈধ্যখনকৈ চৰকাৰী বিদ্যালয় বন্ধ কৰিলে শিক্ষা সঞ্চালকালয়ে

ইফালে,গহপুৰৰ মথাউৰি নিৰ্মাণ কৰিবলৈ জলসম্পদ বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰে মন্ত্ৰী হাজৰীকাই । জলস্পদ আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই বানপানী খহনীয়া অঞ্চল পৰিদৰ্শনৰ সময়ত তেওঁক সংগ দিয়ে গহপুৰৰ মহকুমাধিপতি , বিশ্বনাথৰ মহকুমাধিপতি, বিধায়ক উৎপল বৰা, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা, বিষয়াৰ লগতে আন আন বিভাগৰ কেইবাজনো বিষয়াই ।

লগতে পঢ়ক:Guwahati Rehab Center: কাহিলিপাৰাৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগ পৰিয়ালৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details