অসম

assam

ETV Bharat / state

অতি বিশ্বস্ত কৰ্মচাৰীয়ে মালিকৰ বুকুত সোধালে কুঠাৰাঘাত ! - ন্যায়িক জিম্মা

কৰ্মচাৰীক বিশ্বাসত ধনৰ লেনদেন কৰিবলৈ দি বিপদত পৰিল ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ৷ ড্ৰাগ ডিষ্টিবিউটৰৰ প্ৰায় ৭.৫ লক্ষাধিক টকা আত্মসাৎ কৰি আৰক্ষীৰ হাতত আটক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী ৷

fraud-arrested-in-biswanath
অধিক বিশ্বাসেই কাল হ'ল ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকৰ

By

Published : Apr 11, 2021, 1:21 PM IST

বিশ্বনাথ ১১ এপ্ৰিল : অধিক বিশ্বাসেই কাল হ'ল এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকৰ ৷ কৰ্মচাৰীক বিশ্বাসত ধনৰ লেনদেন কৰিবলৈ দি বিপদত পৰিল খোদ মালিক ৷ বিশ্বনাথ চাৰিআলিৰ এটা ড্ৰাগ ডিষ্টিবিউটৰৰ প্ৰায় ৭.৫ লক্ষাধিক টকা আত্মসাৎ কৰি ধৰা পৰিল এটা চোৰ ৷ বিগত তিনিবছৰ ধৰি বিনায়ক ড্ৰাগ ডিষ্টিবিউটৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোত কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল বিশ্বনাথ চাৰিআলি বৰকুৰা গাঁৱৰ বিকাশ বিশ্বকৰ্মা নামৰ যুৱকজন ৷

ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ধনৰ লেনদেনৰ কাম কৰা যুৱকজনে পৰিকল্পনা কৰি মালিকৰ অজ্ঞাতে প্ৰতিদিনে আত্মসাৎ কৰি আহিছিল ধন ৷ শেহতীয়াকৈ ডিষ্টিবিউটৰটোৰ হিচাপ পৰীক্ষা কৰাৰ পিছতেই পোহৰলৈ আহিছে বহু পৰিমাণৰ ধনৰ বিত্তীয় খেলিমেলি ৷ দৈনিক ৰচিদ প্ৰদান কৰি ফাৰ্মাচীসমূহৰ পৰা সংগ্ৰহ কৰা ধনৰ পৰিমান আৰু ডিষ্টিবিউটৰৰ হিচাপৰ বহীত যুৱকজনে নিজে স্বাক্ষৰ কৰি স্বতাধিকাৰীক চমজাই দিয়া ধনৰ পৰিমাণৰ মাজত ধৰা পৰিল পাৰ্থক্য ৷

অধিক বিশ্বাসেই কাল হ'ল ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকৰ

ডিষ্টিবিউটৰটোৰ স্বত্বাধিকাৰীজনে বিকাশ বিশ্বকৰ্মাৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত প্ৰায় ৭.৫ লক্ষাধিক টকাৰ খেলি মেলি কৰাৰ অভিযোগ দাখিল কৰে ৷ ড্ৰাগ ডিষ্টিবিউটৰটোৰ স্বতাধিকাৰীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত ৮৮/২০২১ নম্বৰৰ এটা গোচৰ u/s 420/406/506/34 ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাৰ অধীনত ৰুজু কৰিছে আৰক্ষীয়ে ৷ আনহাতে ঘটনাটো পোহৰলৈ অহাৰ পিছতে সমুদায় ধন ঘূৰাই দিম বুলি বিকাশ বিশ্বকৰ্মা নামৰ যুৱকজনে প্ৰতিশ্ৰুতি দিয়াত প্ৰথম অৱস্থাত বুজাপৰাৰ মাজতে বিষয়টো মীমাংসা কৰাৰ চেষ্টা কৰা হৈছিল যদিও যুৱকজনে ধন বিচাৰি ফোনযোগে যোগাযোগ কৰিলে আত্মহত্যা কৰিম বুলি ওলোটাই ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰাত উপায়ন্তৰ হৈ ড্ৰাগ ডিষ্টিবিউটৰৰ স্বত্বাধিকাৰীগৰাকীয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত গোচৰ তৰিবলৈ বাধ্য হয় ৷

বৰ্তমান আৰক্ষীয়ে বিকাশ বিশ্বকৰ্মা নামৰ যুৱকজনক কৰায়ত্ত কৰি আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷ ইফালে আত্মসাৎ কৰা ধনেৰে এখন চাৰিচকীয়া বিলাসী বাহন ক্ৰয় কৰাৰো অভিযোগ উত্থাপিত হৈছে যুৱকজনৰ বিৰুদ্ধে ৷ এই ঘটনাই বিশ্বনাথ চাৰিআলিৰ ব্যৱসায়ীক মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক :ধন লৈ বিজেপি প্ৰাৰ্থীক সহায় কৰিছিল নেকি এআইইউডিএফ নেতাই !

ABOUT THE AUTHOR

...view details