অসম

assam

ETV Bharat / state

বিশ্বনাথ কাণ্ডঃ আৰক্ষীৰ জালত 5 অভিযুক্ত

যুৱতী ধৰ্ষণৰ অপচেষ্টাত জড়িত চাৰি লম্পটক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ বিশ্বনাথ আৰক্ষীৰ ৷ লক্​ ডাউনৰ সুযোগত দুগৰাকী যুৱতীক শনিবাৰে নিশা ধৰ্ষণৰ চেষ্টা চলাইছিল চহৰখনৰ মাজমজিয়াৰ পেট্ৰ’ল পাম্প এটাত কৰ্মৰত চাৰি কৰ্মচাৰীয়ে ৷

By

Published : May 3, 2020, 6:17 PM IST

যুৱতী ধৰ্ষণৰ অপচেষ্টা
যুৱতী ধৰ্ষণৰ অপচেষ্টা

বিশ্বনাথ,৩ মে'ঃ বিশ্বনাথ চাৰিআলিৰ দ’গাঁৱত থকা ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্পৰ চাৰি কৰ্মচাৰীয়ে যুৱতী ধৰ্ষণৰ অপচেষ্টা চলোৱাক কেন্দ্ৰ কৰি সমগ্ৰ চহৰখনত বিৰাজ কৰিছে তীব্ৰ উত্তেজনা ৷ শনিবাৰে নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত হয় উক্ত ঘটনা ৷ চহৰখনৰ জে কে চিকিৎসালয়ত কৰ্মৰত দুগৰাকী নাৰ্ছক খোজকাঢ়ি চিকিৎসালয়লৈ অহা অৱস্থাত চাৰিজনীয়া দুৰ্বত্তৰ এটা দলে আগচি ধৰ্ষণৰ চেষ্টা চলায় ৷ ঘটনাস্থলীৰ পৰা শনিবাৰে নিশা এজন দুৰ্বৃত্তক স্থানীয় ৰাইজে কৰায়ত্ত কৰাৰ পিছত দেওবাৰে পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অন্য তিনিজন অভিযুক্তক ৷

যুৱতী ধৰ্ষণৰ অপচেষ্টা

উল্লেখ্য যে, চিকিৎসালয়খনৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত্বত পেট্ৰ’ল পাম্পটো অৱস্থিত ৷ ঘটনাটোৰ ফলত অচেতন হোৱা এগৰাকী নাৰ্ছক সম্প্ৰতি চিকিৎসা প্ৰদান কৰা হৈছে ৷ পেট্ৰ’ল পাম্পটোৰ সন্মুখত চিকিৎসালয়খনৰ একাংশ নাৰ্ছ ভাড়াতীয়া হিচাবে থাকে আৰু এইসকল নাৰ্ছক পূৰ্বে প্ৰায়ে অভিযুক্ত যুৱক কেইজনে অশালীন মন্তব্য কৰিছিল ৷ ইফালে ভুক্তভোগী এগৰাকী যুৱতীয়ে দিয়া লিখিত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে 119/2020, U/S 341/342/354/354-A/34 ভাৰতীয় দণ্ডবিধিৰ অধীনত এক গোচৰ ৰুজু কৰি যুৱককেইজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত ব্যক্তিকেইজন ক্ৰমে ধৰ্মেন্দৰ শৰ্মা, ৰাহুল পেটেল, অশোক শ্বাহ আৰু গৌৰৱ পেটেল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে বৰ্তমানো ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

যুৱতী ধৰ্ষণৰ অপচেষ্টাত জড়িতক গ্ৰেপ্তাৰ

লগতে চাওকঃবিশ্বনাথত উত্তেজনাঃ চিকিৎসালয়লৈ যোৱাৰ অৱস্থাত ধৰ্ষণৰ চেষ্টা দুগৰাকী নাৰ্চক !

ABOUT THE AUTHOR

...view details