অসম

assam

By

Published : Oct 25, 2019, 5:24 PM IST

Updated : Oct 25, 2019, 6:15 PM IST

ETV Bharat / state

গহপুৰ হেলেমত শিশু শ্ৰমিক পৰিষদৰ অভিযানত এটি শিশু শ্ৰমিক উদ্ধাৰ

গহপুৰ হেলেমত বিশ্বনাথ শিশু শ্ৰমিক পৰিষদৰ অভিযান । অভিযানত গহপুৰ মহকুমাৰ হেলেমৰ টকৌবাৰীত এটি শিশু শ্ৰমিক উদ্ধাৰ ৷

গহপুৰ হেলেমত এটি শিশু শ্ৰমিক উদ্ধাৰ

বিশ্বনাথ,25 অক্টোবৰঃ শুকুৰবাৰে গহপুৰৰ হেলেমত বিশ্বনাথ জিলা শিশু শ্ৰমিক কল্যাণ পৰিষদ আৰু হেলেম আৰক্ষীৰ অভিযানত হেলেমৰ টকৌবাৰীৰ গানুগাঁৱত এজন শিশু শ্ৰমিক উদ্ধাৰ কৰা হয় ৷ তথ্যনুসৰি শিশু শ্ৰমিকজনক টকৌবাৰী চেন্টাৰৰ ওম প্ৰকাশ আগৰৱালা নামৰ ব্যৱসায়ীজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাত উদ্ধাৰ কৰা হয় ৷ শিশুগৰাকী হেলেমৰ কাৰিবিল বঙালীৰ জানেক তাঁতীৰ পুত্ৰ সোবান তাঁতী বুলি জানিব পৰা গৈছে। সদ্যহতে শিশুগৰাকীক বিশ্বনাথ জিলা শিশু কল্যাণ পৰিষদৰ কাৰ্যালয়লৈ লৈ যোৱা হয় ৷ আনহাতে ব্যৱসায়গৰাকীক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে হেলেম আৰক্ষীয়ে।

গহপুৰ হেলেমত এটি শিশু শ্ৰমিক উদ্ধাৰ
Last Updated : Oct 25, 2019, 6:15 PM IST

ABOUT THE AUTHOR

...view details