বিশ্বনাথ, 31 আগষ্টঃ বিশ্বনাথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মোনাবাৰীত নৱনিৰ্মিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ ফাট ৷ উল্লেখ্য যে, বিশ্বনাথ বালিপুখুৰীৰ পৰা গহপুৰলৈ যোৱা এই পথছোৱাত বিগত 2016 চনৰ পৰা চাৰিলেনযুক্ত পথ নিৰ্মানৰ কাম চলি আছে ৷ প্ৰায় 52 কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱা নিৰ্মানৰ দায়িত্ব অৰুনাচল প্ৰদেশৰ টি.কে ইঞ্জিনিয়াৰিং নামৰ এটা ব্যক্তিগত পথ নিৰ্মানকাৰী সংস্থাক অৰ্পন কৰা হৈছিল ৷ কিন্তু আশ্বৰ্যজনকভাৱে 2016 চনৰ পৰা বৰ্তমানলৈকে 60 শতাংশ কামো সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই সংস্থাটো ৷
বিশ্বনাথত নৱ নিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ ফাট
বিশ্বনাথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মোনাবাৰীত নৱনিৰ্মিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ ফাট ৷ পথটোৰ নিৰ্মীয়মান এটা অংশত বৃহৎ ফাট মেলাক লৈ সৰৱ হৈ পৰিছে স্থানীয় লোককে ধৰি দল সংগঠন ৷
বিশ্বনাথত নৱ নিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ ফাট
আনহাতে, বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে এই লেহেমীয়া কামৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ নিৰ্মানকাৰী সংস্থাটোৰ বিৰুদ্ধে ৷ ইয়াৰ মাজতে শেহতীয়াভাৱে পথটোৰ নিৰ্মীয়মান এটা অংশত বৃহৎ ফাট মেলিছে ৷ ইয়াকে লৈ সৰৱ হৈ পৰিছে স্থানীয় লোককে ধৰি দল সংগঠন ৷ নিৰ্মীয়মান অৱস্থাতে ফাট মেলা পথটোৰ নিৰ্মানৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে সচেতন মহলে ৷