অসম

assam

ETV Bharat / state

বিশ্বনাথৰ বিহালীত বানৰ তাণ্ডৱ,বৰগাং নদীৰ গৰাখহনীয়া

বিশ্বনাথৰ বিহালীত বানৰ তাণ্ডৱ ৷ নিশা অহা বাঢ়নি পানীয়ে বাঁহৰ সাঁকো উটুৱাই নিয়াৰ ফলত ৰামপুৰৰ ৰাইজৰ যাতায়ত ব্যাহত ৷ ইপিনে নীলবাৰীত বৰগাং নদীৰ গৰাখহনীয়াত জাহ গ'ল বাসগৃহ,খেতি পথাৰৰ লগতে কেইবাখনো ক্ষুদ্ৰ চাহ বাগান ৷

বিশ্বনাথৰ বিহালীত বানৰ তাণ্ডৱ, বৰগাং নদীৰ গৰাখহনীয়া

By

Published : Jul 4, 2019, 3:19 PM IST

বিহালী, 4 জুলাইঃ প্ৰসহনত পৰিণত ৰাজ্যৰ গ্ৰাম্য উন্নয়ন ৷ ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীত এতিয়াও বাঁহৰ সাঁকোৱেই যেন একমাত্ৰ যোগাযোগৰ ব্যৱস্থা ৷ বিশ্বনাথৰ বৰগাঙৰ পৰা মাত্ৰ ১২ কিলোমিটাৰ দূৰত্বত থকা শুকানসুঁতি নদীৰ ওপৰত থকা একমাত্ৰ বাঁহৰ সাঁকো খন নিশা অহা বাঢ়নি পানীয়ে উটুৱাই নিয়াৰ ফলত স্থানীয় ৰাইজে বহু দুৰ্ভোগ ভুগীবলগীয়া হৈছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ৰামপুৰৰ যথেষ্ট সংখ্যক স্থায়ী শ্ৰমিকে নৈৰ সিপাৰে থকা ৰঙাগড়া চাহ বাগিছাত কৰ্মৰত লোকসকল একমাত্ৰ বাঁহৰ দলং খন আধাতকৈ অধিক অংশ ভাঙি লৈ যোৱাত বাৰুকৈয়ে বিপদত পৰিছে । অতিশীঘ্ৰে ৰামপুৰ আৰু বগৰিসুঁতিৰ ৰাইজৰ বাঁহৰ সাঁকোখন নিৰ্মাণ কৰি যাতায়ত কৰাৰ লগতে পৰৱৰ্তী সময়ত এখন স্থায়ী দলং নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

বিশ্বনাথৰ বিহালীত বানৰ তাণ্ডৱ, বৰগাং নদীৰ গৰাখহনীয়া

আনহাতে বিহালীৰ নীলবাৰীত বৰগাং নদীৰ গৰাখহনীয়াত জাহ গ'ল বাসগৃহ,খেতি পথাৰৰ লগতে কেইবাখনো ক্ষুদ্ৰ চাহ বাগান ৷

ABOUT THE AUTHOR

...view details