বিশ্বনাথ, ১৪ মাৰ্চ:চাহ বাগিচা এলেকাত ৰাজ্য চৰকাৰে ১১৯ খন আদৰ্শ বিদ্যালয় স্থাপনৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছিল (Government scheme for tea garden) । সমগ্ৰ ৰাজ্যত চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ পৰিকল্পনাৰে ১২২ কোটি টকা ব্যয় সাপেক্ষে এই আঁচনি গ্ৰহণ কৰিছিল ৰাজ্যৰ বিজেপি চৰকাৰখনে ৷ কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল বিদ্যালয়সমূহৰ নিৰ্মাণ কাৰ্য ৷ এই বিদ্যালয় নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছে (Allegation of corruption in Government scheme) ৷
২০২০ চনতে বিশ্বনাথৰ জিনজিয়া চাহ বাগিচাত আধাৰশিলা স্থাপন কৰা হৈছিল এখন আদৰ্শ বিদ্যালয়ৰ (Model school in Jinjinia tea garden) ৷ জনৈক মহেশ্বৰী উপাধিৰ এজন ঠিকাদাৰে ঠিকা লাভ কৰিছিল এই বিদ্যালয় নিৰ্মাণৰ ৷ কিন্তু ঠিকাদাৰজনৰ বিৰুদ্ধে এতিয়া উত্থাপন হৈছে নিৰ্মাণ কাৰ্যত অনিময়ম সংঘটিত কৰাৰ অভিযোগ ৷ কিয়নো নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিদ্যালয়খনৰ দেৱালত দেখা গৈছে চিৰাল ফাঁট ৷
ইফালে এই ফাঁটসমূহ ঢাকিবলৈ টাপলি মৰাৰো অভিযোগ উত্থাপন হৈছে ৷ বিদ্যালয়খনৰ নিৰ্মাণ কাৰ্যত অতি নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ কৰা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে (Corruption in school construction) ৷
বিদ্যালয় নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা ঠিকাদাৰ আৰু অভিযন্তাক স্থানীয় ৰাইজ তথা দল-সংগঠনসমূহে এই সন্দৰ্ভত আপত্তি দৰ্শাইছে যদিও আজি পৰ্যন্ত কোনো গুৰুত্ব আৰোপ কৰা নাই তেওঁলোকে ৷ আনহাতে এই বিদ্যালয়সমূহৰ নিৰ্মাণ ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা সেই সময়ৰ বিত্ত মন্ত্ৰীগৰাকী বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ল ৷ কিন্তু আজি পৰ্যন্ত বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰা নহ’ল ৷