বিশ্বনাথ, ২৬ মে':বিশ্বনাথ জিলাৰ বালিচাং আদৰ্শ চিকিৎসালয়ত বুধবাৰে ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলা উপ সভাপতি ডাঃ ৰঞ্জন গগৈৰ নেতৃত্বত এটা দল উপস্থিত হয় । উপস্থিত হৈ দলটোৱে কভিড-১৯ আক্ৰান্ত ৰোগীৰ সকলৰ সৈতে মত বিনিময় কৰা লগতে চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চ তথা চিকিৎসাকৰ্মী সকলৰ পৰা পৰিস্থিতি সম্পৰ্কে বুজ লয় ৷
ইফালে, চিকিৎসালয়খনত খাদ্য,পানী, প্ৰয়োজনীয় ঔষধ যাৱতীয় ব্যৱস্থা ওপৰত গুৰুত্ব প্ৰদান কৰে বিজেপিৰ বিশ্বনাথ জিলা প্ৰতিনিধিৰ দলটোৱে ৷ লগতে ক'ভিড ৰোগী সকলে যাতে কোনো অসুবিধা সন্মুখীন নহয় তাৰ প্ৰতি গুৰুত্ব দিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক অনুৰোধ জনায় ।