অসম

assam

ETV Bharat / state

Scam in SUHRID: জনীয়াত বিধায়কৰ বিৰুদ্ধে সুহৃদ আঁচনিত দুৰ্নীতিৰ অভিযোগ যুৱ কংগ্ৰেছৰ

কলগাছিয়াত সুহৃদ আঁচনিত সংঘটিত দুৰ্নীতি সন্দৰ্ভত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ । এই দুৰ্নীতিৰ তদন্তৰ দাবীত কলগাছিয়া ৰাজহ চক্ৰৰ জৰিয়তে বৰপেটা জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ । তদন্ত নহ'লে পৰৱৰ্তী সময়ত আন্দোলনৰ হুংকাৰ।

Youth Congress protests in Kolgachia
যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 5:52 PM IST

যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

জনীয়া, ২ ছেপ্টেম্বৰ:বৰপেটা জিলাত সুহৃদ আঁচনি ৰূপায়ণত সংঘটিত হৈছে ব্য়াপক অনিয়ম-দুৰ্নীতি । জিলাখনৰ জনীয়া সমষ্টিৰ অন্তৰ্গত প্ৰকৃত দূৰাৰোগ্য বেমাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে । দুৰাৰোগ্য বেমাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত নোহোৱাৰ বিপৰীতে জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ অধীনত থকা সুহৃদ আঁচনিৰ তালিকাত কেৱল নিজ দলৰ বিভিন্ন পৰ্যায়ৰ দলীয় নেতা-কৰ্মীৰ নামৰ লগতে আত্মীয়ৰ নাম থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । যাৰ বাবে আজি জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু এ আই ইউ ডি এফ দলৰ নেতা কৰ্মীয়ে যৌথভাৱে সুহৃদ আঁচনিৰ ধন অত্মসাৎ কৰাৰ বিৰুদ্ধে জনীয়া সমষ্টি যুৱ কংগ্ৰেছ কমিটীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:Flood in Assam : গোৱালপাৰাত ভদীয়া বানৰ তাণ্ডৱ; মূৰে-কপালে হাত দিছে চহা খেতিয়কে; নিৰ্বিকাৰ ভূমিকাত জিলা প্ৰশাসন

উল্লেখ্য যে,বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ তালিকাত প্ৰকৃত দৰিদ্ৰ বেমাৰীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পৰিৱৰ্তে চৰকাৰে বিধায়কৰ জৰিয়তে প্ৰদান কৰা এই আঁচনিৰ তালিকাত কেৱল বিধায়ক হাফিজ ৰফিকুল ইছলামে এ আই ইউ ডি এফ দলৰ বিভিন্ন পৰ্যায়ৰ দলীয় নেতা-কৰ্মীৰ নামৰ লগতে আত্মীয়ৰ নাম অন্তৰ্ভুক্ত কৰাক লৈ চৰ্চা হৈছে ।

লগতে পঢ়ক:Assam CM at Dibrugarh Airport : কেইবাজনো মন্ত্ৰী-সাংসদক লগত লৈ মোহনবাৰী বিমানবন্দৰত উপস্থিত মুখ্যমন্ত্ৰী শৰ্মা

প্ৰতিবাদকাৰীসকলে কয় যে যদি এই দুৰ্নীতিৰ তদন্ত নকৰে তেন্তে পৰৱৰ্তী সময়ত জিলা পৰ্যায়ত আন্দোলনৰ কাৰ্ঠসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে । উক্ত তালিকাত অন্তৰ্ভুক্ত হিতাধিকাৰী বেমাৰীক কোনখন চিকিৎসালয়ৰ পৰা কোন চিকিৎসকে প্ৰমাণপত্ৰ যোগান ধৰিছে তাৰ বাবে চি আই ডিৰ তদন্তৰ দাবী জনাইছে যুৱ কংগ্ৰেছৰ নেতা কৰ্মীসকলে । উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ পিচতেই যুৱ কংগ্ৰেছৰ নেতা কৰ্মীসকলে চক্ৰ বিষয়াৰ জৰিয়তে বৰপেটা জিলাৰ আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে । উক্ত তালিকাত অন্তৰ্ভুক্ত হিতাধিকাৰী বেমাৰীক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ পৰা চিকিৎসকৰ প্ৰমাণপত্ৰ যোগান ধৰা হোৱাৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:Scam in SUHRID:জনীয়া সমষ্টিৰ বিধায়কৰ সুহৃদ আঁচনিত ভয়ংকৰ দুৰ্নীতি

ABOUT THE AUTHOR

...view details