অসম

assam

ETV Bharat / state

মানাহত দুৰ্ধৰ্ষ চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

প্ৰকৃতিৰ ৰম্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰে এজন চোৰাং চিকাৰীয়ে আত্মসমৰ্পন কৰে। আত্মসমৰ্পণ কৰা চোৰাং চিকাৰীজনৰ নাম ৰমজান আলী ৷ আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন ধৰণৰ বন্যপ্ৰানী হত্যাৰ লগত জড়িত ৰাঘবিল গাঁৱৰ এটোৱা কুন্দলনা নামৰ এজন চোৰাং চিকাৰীক আটক কৰে বন বিভাগে ৷

By

Published : Oct 10, 2020, 12:55 PM IST

wilde theif Surrender at manah
মানাহত দুৰ্ধৰ্ষ চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

বৰপেটাৰোড,10 অক্টোবৰঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান চোৰাং চিকাৰীৰ টাৰ্গেট হৈ পৰিছে ৷ বন বিভাগে ইতিপূৰ্বে বহু চোৰাং চিকাৰীক ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিল ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী বনাঞ্চলত বাঘ নিধনৰ সৈতে জড়িত থকা ননকে খাগ্ৰাবীৰৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰী ৰমজান আলীয়ে অৱশেষত আত্মসমৰ্পন কৰে । আত্মসমৰ্পন কৰা ৰমজান আলীক জেললৈ নিক্ষেপ কৰিছে বন বিভাগে ৷

মানাহত দুৰ্ধৰ্ষ চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন ধৰণৰ বন্যপ্ৰাণী হত্যাৰ লগত জড়িত ৰাঘবিল গাঁৱৰ এটোৱা কুন্দলনা নামৰ এজন চোৰাং চিকাৰীক আটক কৰে বন বিভাগে । চোৰাং চিকাৰীজনৰ পৰা বন্য জীৱ নিধনত ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰে বন বিভাগে। বন বিষয়া বাবুল ব্ৰহ্মই জনোৱা মতে, বন বিভাগৰ তৎপৰতা আৰু স্থানীয় ৰাইজৰ সহযোগিতাৰ বাবেই এজনৰ পিছত আন এজন চোৰাং চিকাৰী আটক কৰাৰ ওপৰি ইতিমধ্যে আত্মসমৰ্পন কৰিছে কেইবাজনো চোৰাং চিকাৰী ।

মানাহত দুৰ্ধৰ্ষ চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

লগতে পঢ়কঃSI কেলেংকাৰীৰ আন এজন অভিযুক্তক আটক নলবাৰী আৰক্ষীৰ

ABOUT THE AUTHOR

...view details