জনীয়া, 31 জুলাই : জনীয়াৰ বেছিমাৰীত জল জীৱন মিছনৰ শুভাৰম্ভণি ৷ সমষ্টিটোৰ বিধায়ক ৰফিকুল ইচলামে উদ্বোধন কৰে পানী যোগান আঁচনিখন ৷ পানী যোগান আঁচনিৰ পৰা বেছিমাৰী অঞ্চলৰ প্ৰতিটো ঘৰলৈ টেপৰ যোগেদি বিশুদ্ধ খোৱাপানীৰ যোগানৰ ব্যৱস্থা কৰা হ’ব ৷ সমগ্ৰ ৰাজ্যৰ প্ৰায় 90 হাজাৰ লোকক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে ৷
কেন্দ্ৰীয় চৰকাৰৰ (central government) জলজীৱন অভিযানৰ (jal jiban mission) অধীনত বৰপেটা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ (BARPETA PUBLIC HELTH DEPARTMENT) উদ্যোগত জলজীৱন মিছনৰ অধীনত এই আঁচনি আৰম্ভ কৰা হৈছে ৷ কেৱল জনিয়াতেই নহয়, শনিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ইয়াৰ শুভাৰম্ভণি কৰা হয় ৷ জনস্বাস্থ্য কাৰিকৰী দপ্তৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দৰঙৰ ছিপাঝাৰত এই আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে ৷
বেছিমাৰীৰ উক্ত আঁচনিৰ জৰিয়তে প্ৰথম অৱস্থাত ১৭৫ টা পৰিয়ালৰ ঘৰলৈ পানী যোগানৰ সংযোগ দিয়া হৈছে ৷ পৰৱৰ্তী সময়ত ২৯৩ টা পৰিয়াললৈ বিশুদ্ধ পানীৰ যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে । বিগত 9 জুলাইতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাজ্যখনৰ প্ৰতিখন জিলাৰ 'জল জীৱন মিছন'ৰ (jal jiban mission) সৈতে জড়িত বিষয়াসকলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (PUBLIC HELTH DEPARTMENT) কাৰ্যবাহী অভিযন্তা সকলৰ সৈতে এক সভাত মিলিত হয় ।
সভাত মিছনৰ অধীনত জিলা সমূহত চলি থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় । গুৱাহাটীৰ বশিষ্ঠস্থিত বিভাগীয় কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত মন্ত্ৰী দাসে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সকলৰ সৈতে জিলা সমূহত জলজীৱন মিছনৰ (jal jiban mission) অধীনত ৰূপায়িত হৈ থকা প্ৰকল্প তথা আঁচনি সমূহৰ কামকাজৰ বিষয়ে বিতংভাৱে বুজ লয় । জিলাসমূহত জলজীৱন মিছনৰ অধীনৰ আঁচনি তথা প্ৰকল্প সমূহ কেনেদৰে ৰূপায়িত হৈছে সেই বিষয়ে মন্ত্ৰী দাসক সভাত কাৰ্যবাহী অভিযন্তা সকলে অৱগত কৰে ।