অসম

assam

By

Published : Mar 9, 2022, 5:02 PM IST

ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি

বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি

বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি
বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি

Municipal Election 2022: প্ৰস্তুতি ফুকন গগৈয়ে সন্মান ৰক্ষা কৰিলে লুৰীণজ্যোতি গগৈৰ

ডিব্ৰুগড় জিলাৰ মুঠ চাৰিখন পৌৰসভাৰ নিৰ্বাচন(Municipal Election 2022)ত বিজেপি দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ল । ইয়াৰ মাজতে নামৰূপৰ ৯ নং ৱাৰ্ডত প্ৰস্তুতি ফুকন গগৈয়ে সন্মান ৰক্ষা কৰিলে লুৰীণজ্যোতি গগৈৰ (AJP candidate won in municipal election) । ডিব্ৰুগড় জিলাত মুঠ চাৰিখন পৌৰসভাৰ বহুকেইটা ৱাৰ্ডত অসম জাতীয় পৰিষদে প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল যদিও নামৰূপৰ ৯ নং ৱাৰ্ডৰ প্ৰাৰ্থী প্ৰস্তুতি ফুকন গগৈয়েহে জয়লাভ কৰিবলৈ সক্ষম হয় ।

Skill Development Scam: ৮০ কোটি টকীয়া দুৰ্নীতিৰ তদন্ত বিচাৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাই

অসম গৃহ আৰু অন্যান্য নির্মাণ শ্ৰমিক কল্যাণ পৰিষদত দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ত সংঘটিত হোৱা ৮০ কোটি টকাৰ দুৰ্নীতিৰ(Assam Skill Training pilot project scam) তদন্ত বিচাৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাই ৷

ৰাছিয়াত ব্যৱসায় বন্ধ কৰিলে পেপচিকো, কোকাকোলা, ষ্টাৰবাকছে

ইউক্ৰেইনত ৰাছিয়া সেনা বাহিনীৰ সামৰিক অভিযানক (Russian military operations in Ukraine) বিভিন্ন মহলে সমালোচনা কৰিছে । ৰাছিয়াৰ বিৰুদ্ধে পদক্ষেপ লৈছে বহু দেশে । ইয়াৰ অংশস্বৰূপে এইবাৰ ৰাছিয়াত ব্যৱসায় অস্থায়ীভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে আমেৰিকাৰ পেপচিকো (PepsiCo), কোকা-কোলা (Coca-Cola), মেকডনাল্ডছ (McDonald's) আৰু ষ্টাৰবাকছ (Starbucks) কোম্পানীয়ে ।

বিহপুৰীয়াত কংগ্ৰেছ 0, নাৰায়ণপুৰ পৌৰসভা কংগ্ৰেছৰ দখলত

বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহপুৰীয়া পৌৰসভা আৰু নাৰায়ণপুৰ পৌৰসভাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে ৷ বিহপুৰীয়াত কংগ্ৰেছ শূণ্য কৰি বিজেপিয়ে পৌৰসভাতো দখল কৰাৰ বিপৰীতে নাৰায়ণপুৰত কংগ্ৰেছে স্থাপন কৰে নিজৰ অধিপত্য ৷

Assam Municipal Election Results : শোণিতপুৰত বিজেপিৰ দখলত চাৰিখন পৌৰসভা

শোণিতপুৰ জিলাৰ চাৰিখন পৌৰসভাত শেষ হাঁহি মাৰিছে বিজেপিয়ে (Municipal Election Results) ৷ জিলাখনৰ মুঠ 49 টা ৱাৰ্ডৰ বাবে হোৱা নিৰ্বাচনৰ ফলাফলৰ অন্তত বিজেপিৰ শিৰত জিলিকিছে জয়ৰ মুকুট (BJP wins in Sonitpur municipality Election) ৷

Municipal Election Results: তিতাবৰ পৌৰসভাৰ শেষ হাঁহি মাৰিলে বিজেপিয়ে

অৱশেষত ইটিভি ভাৰতৰ হাতত আহি পৰিছে তিতাবৰ পৌৰসভাৰ ফলাফল (Titabor Municipal Election Results) । তিতাবৰ পৌৰসভাত বিজেপি দলে ৬ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে চাৰিখন আসনত জয়লাভ কৰিছে (Assam Municipal Election 2022) ।

ত্ৰিপুৰাত নিষিদ্ধ সামগ্ৰীসহ তিনিজন আটক

অসমৰ পাছত এইবাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে (Tripura Police anti drug drive) অভিযান ৷ ত্ৰিপুৰা আৰক্ষীয়ে অভিযানৰ সময়ত বহু পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ লগতে কেইবাজনো লোকক আটক কৰিবলৈ সক্ষম হয় ৷

অনুৰাগীৰ অতুলনীয় উপহাৰত অভিভূত ঊৰ্বশী ৰৌতেলা

বলীউডৰ মোহময়ী অভিনেত্ৰী ঊৰ্বশী ৰৌতেলাৰ আছে অসংখ্য অনুৰাগী ৷ বলীউডৰ তাৰকাসকলে নিজৰ অনুৰাগীৰ পৰা উপহাৰ লাভ কৰাটো তেনেই সাধাৰণ কথা ৷ নিজৰ পছন্দৰ অভিনেতা-অভিনেত্ৰীগৰাকীক উপহাৰ যাচি তেওঁলোকক এবাৰ হ’লেও ওচৰৰ পৰা লগ পাব বিচৰাটো প্ৰতিজন অনুৰাগীৰে মনৰ আশা ৷ সেইমতে তাৰকা সকলেও অনুৰাগীৰ পৰা মৰম আদৰ লাভ কৰি কাম কৰি যোৱাৰ প্ৰেৰণা লাভ কৰে ৷ অভিনেত্ৰী ঊৰ্বশীয়ে এজন অনুৰাগীৰ পৰা লাভ কৰিলে এক অতুলনীয় উপহাৰ (Urvashi Rautela latest news) ৷

বিজেপি কৰ্মীৰ বিৰুদ্ধে আৰক্ষী বিষয়াক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ

বোকাখাতত বিজেপি কৰ্মীৰ বিৰুদ্ধে আৰক্ষী বিষয়াক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ (BJP worker physically assault police officer)৷ বিদ্যালয়ৰ সন্মুখত ফটকা নুফুটাবলৈ অনুৰোধ কৰাত বিজয়োল্লাসে মূৰত ধৰা একাংশ মিত্ৰজোটৰ সমৰ্থকে আৰক্ষী বিষয়াজনক শাৰিৰীকভাৱে অপদস্থ কৰে ।

ৰাইজৰ চৰকাৰৰ ওপৰত আস্থা আছে : মন্ত্ৰী যোগেন মহন

চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাৰ ১১ টা ৱাৰ্ডৰ ভিতৰত ৯ টা ৱাৰ্ডত বিজেপিয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে (BJP will form Moran Municipal Board) ৷ আনহাতে, এটা ৱাৰ্ড অগপ আৰু আনটো কংগ্ৰেছ প্ৰাৰ্থীৰ দখলত যায় । পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী যোগেন মহনে (MLA Jagan Mohan reaction on Assam Municipal Election) ৷ তেওঁ ৰাইজৰ চৰকাৰৰ ওপৰত আস্থা থকাৰ বাবেই বিজেপিৰ দখললৈ অহাৰ কথা সদৰি কৰে (Assam Municipality Election Result 2022) ৷

ABOUT THE AUTHOR

...view details