অসম

assam

ETV Bharat / state

বৰপেটাত CCTV কেমেৰাত বন্দী ভয়ংকৰ চুৰিকাণ্ড

উত্তৰ বৰপেটা ৩নং সণকুছি কলনিত মানিক দত্ত নামৰ লোক জনৰ গৃহত সংঘটিত হৈছে এটা চুৰিকাণ্ড। CCTVত আৱদ্ধ হোৱা দৃশ্যৰ ভিত্তিত নাৰায়ণ বসাক নামৰ এজন যুৱকে চুৰিকাণ্ড সংঘটিত কৰিছে বুলি বৰপেটা সদৰ থানাত এটা গোচৰ ৰুজু কৰিছে ঘৰৰ গৰাকীয়ে ।

By

Published : Jun 11, 2021, 11:10 PM IST

Deadly theft captured on CCTV camera in Barpeta
বৰপেটাত CCTV কেমেৰাত বন্দী ভয়ংকৰ চুৰিকাণ্ড

বৰপেটা, 11 জুন: বৰপেটা চহৰৰ উত্তৰ বৰপেটা ৩নং সণকুছি কলনিত মানিক দত্ত নামৰ লোক জনৰ গৃহত সংঘটিত হৈছে এটা চুৰিকাণ্ড । CCTV আৱদ্ধ হোৱা দৃশ্যৰ ভিত্তিত ঘৰৰ গৰাকী মানিক দত্তই ৩ নং সণকুছি কলনিৰে নাৰায়ণ বসাক নামৰ এজন যুৱকে চুৰিকাণ্ডটো সংঘটিত কৰিছে বুলি অভিযোগ কৰিছে ।

বৰপেটাত CCTV কেমেৰাত বন্দী ভয়ংকৰ চুৰিকাণ্ড

উল্লেখ্য যে, যোৱা 3 জুনত উত্তৰ বৰপেটাৰ ৩নং সণকুছি কলনিৰ মানিক দত্তৰ ঘৰত নিশা চোৰে খিৰিকী ভাঙি মানিক দত্তৰ পত্নীৰ দুই তোলা ওজনৰ এডাল সোণৰ চেইন, পানী তোলা মটৰকে ধৰি বহু সা-সম্পত্তি লুটি নিয়ে ৷ ঘৰৰপৰা ইমান সা-সম্পত্তি চুৰি হোৱাত শংকিত হৈ পৰিয়ালৰ লোকে ঘৰৰ চৌহদত CCTV কেমেৰা সংস্থাপিত কৰে।

আনহাতে, 9 জুনত পুনৰ নাৰায়ণ বসাক নামৰ যুৱক এজনে চুৰি কৰিবলৈ মানিক দত্তৰ গৃহত নিশা পকি বেৰ পাৰ হৈ ঘৰৰ চৌহদত প্ৰৱেশ কৰে। কিন্তু মানিক দত্তৰ গৃহত সংস্থাপিত কৰা CCTV কেমেৰাত চুৰিৰ সমগ্ৰ দৃশ্য আৱদ্ধ হয় ৷ চোৰ সোমোৱা দৃশ্য CCTV ত প্ৰত্যক্ষ কৰি পৰিয়ালে নাৰায়ণ বসাক আটক কৰিবলৈ ল‌ওঁতেই নাৰায়ণ বসাকে সুযোগ বুজি পলায়ন কৰে।

আনহাতে, ঘটনা সংক্ৰান্তত মানিক দত্তই বৰপেটা সদৰ থানাত এটা গোচৰ ৰুজু কৰে । শীঘ্ৰেই উক্ত ঘটনাটো তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ আৰক্ষীক আহ্বান জনাইছে মানিক দত্তই ৷

লগতে পঢ়ক-অসম আৰক্ষীক সকীয়নি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

ABOUT THE AUTHOR

...view details