অসম

assam

ETV Bharat / state

বিজেপি চৰকাৰ দুষ্ট আৰু ভ্ৰষ্টাচাৰীৰ চৰকাৰ: পৃথিৰাজ প্ৰভাকৰ সাথ

দেওবাৰে নিশা বৰপেটাৰোডত অনুষ্ঠিত হোৱা বৰপেটা জিলা কংগ্ৰেছৰ এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথিৰাজ প্ৰভাকৰ সাথে উপস্থিত থাকি কয় যে,বিজেপি চৰকাৰ দুষ্ট আৰু ভ্ৰষ্টাচাৰীৰ চৰকাৰ ৷

By

Published : Dec 28, 2020, 9:40 AM IST

Updated : Dec 28, 2020, 9:56 AM IST

The BJP government is a wicked and corrupt governmen
বিজেপি চৰকাৰ দুষ্ট আৰু ভ্ৰষ্টাচাৰীৰ চৰকাৰ: পৃথিৰাজ প্ৰভাকৰ সাথ

বৰপেটাৰোড 28 ডিচেম্বৰ: আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্যেৰে বৰপেটা জিলা কংগ্ৰেছৰ এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা দেওবাৰে নিশা বৰপেটাৰোডত অনুষ্ঠিত হয় ৷ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাৰ সভাপতিত্বত বৰপেটাৰোডৰ দিলীপ বিবাহ ভৱনত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক তথা কংগ্ৰেছৰ নামনি অসম জ’নৰ তত্বাৱধায়ক পৃথিৰাজ প্ৰভাকৰ সাথে জিলাখনৰ প্ৰায় তিনি শতাধিক বিভিন্ন স্তৰৰ কংগ্ৰেছৰ নেতা কৰ্মীৰ সৈতে মত বিনিময় কৰে ৷

বিজেপি চৰকাৰ দুষ্ট আৰু ভ্ৰষ্টাচাৰীৰ চৰকাৰ: পৃথিৰাজ প্ৰভাকৰ সাথ

কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতা 'পৃথিৰাজ প্ৰভাকৰ সাথে' কেন্দ্ৰত চলি থকা থকা বিজেপি চৰকাৰক দুষ্ট আৰু ভ্ৰষ্টাচাৰী চৰকাৰ আখ্যা দি কয় যে, বিজেপি চৰকাৰখনে দেশখনক উদ্যোগপতি আৰু পুজিপতিৰ হাতত বিক্ৰী কৰিবলৈ লৈছে ৷ কৃষক বিৰোধী আইন প্ৰৱৰ্তন কৰাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে নেতা গৰাকীয়ে ৷ যি সময়ত দেশৰ কৃষক ৰাইজে কৃষি আইনৰ বিৰোধিতা কৰি আছে সেই সময়ত কি কাৰণত তিনিখনকৈ কৃষক বিৰোধী আইন বিজেপি চৰকাৰখনে কৃষকৰ ওপৰত প্ৰৱৰ্তন কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ শীৰ্ষ নেতা গৰাকীয়ে ৷


কংগ্ৰেছৰ কেইবাজনো বিধায়ক-বিধায়িকাৰ লগতে কংগ্ৰেছৰ বহু নেতা কৰ্মী বিজেপিত যোগদান কৰা সম্পৰ্কৰ এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ নেতা গৰাকীয়ে কয় 136 বছৰীয়া কংগ্ৰেছ দলত বহু লোক আহিছে বহু লোক গৈছে কিন্তু কোনো ধৰনৰ ক্ষতি হোৱা নাই অনাগত দিনতো ক্ষতি নহয় বুলি উল্লেখ কৰি আগন্তুক দিনত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব বুলি দৃঢ়তাৰে কয় ৷


লগতে পঢ়ক:কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰাৰ অভিযোগ

Last Updated : Dec 28, 2020, 9:56 AM IST

ABOUT THE AUTHOR

...view details