জনীয়া,20 ছেপ্তেম্বৰ: বৰপেটাৰ জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কলগাছিয়া বজাৰক ঢুকি পোৱা নাই স্বচ্ছ ভাৰত আঁচনিয়ে ৷ বজাৰখনৰ চৌপাশে থকা জাৱৰৰ দম আৰু কদৰ্যময় পৰিৱেশে চিন্তিত কৰি তুলিছে সচেতন মহলক । যি সময়ত কৰ’ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰি সমগ্ৰ বিশ্বৰ নিদ্ৰাহৰণ কৰিছে, তেনে সময়তে এই বজাৰখনৰ এনে লেতেৰা পৰিৱেশে চৰম ভাবুকিৰ সৃষ্টি কৰিছে ।
কলগাছিয়াত স্বচ্ছ ভাৰত অভিযানৰ ফোঁপোলা স্বৰূপ
বৰপেটাৰ কলগাছিয়াত প্ৰহসনত পৰিণত হৈছে স্বচ্ছ ভাৰত অভিযান ৷ কলগাছিয়া বজাৰৰ কদৰ্যময় পৰিৱেশ, মাজমজিয়াত থকা জাৱৰৰ দমে প্ৰতিপন্ন কৰে আঁচনিখনৰ বিফলতাৰ কথা । এক দুৰ্গন্ধময় পৰিৱেশৰ মাজত সামগ্ৰী বিক্ৰী কৰিছে ব্যৱসায়ীসকলে ৷ ভ্ৰূক্ষেপ নাই প্ৰশাসন, হাট লেচি তথা স্থানীয় জন প্ৰতিনিধিৰ ।
উল্লেখ্য যে, প্ৰাক্তন সাংসদ ছিৰাজউদ্দিন আজমলে কলগাছিয়াক আদৰ্শ পঞ্চায়ত হিচাপে ঘোষণা কৰিছিল যদিও এই বজাৰখনৰ কদৰ্যময় পৰিৱেশে উদঙাই দিছে আদৰ্শ পঞ্চায়তখনৰ ফোঁপোলা স্বৰূপ । ভাৰত চৰকাৰে এই আঁচনিৰ নামত ব্যয় কৰিছে কোটি-কোটি টকা ৷ কলগাছিয়াৰ জন প্ৰতিনিধি, প্ৰশাসন আৰু দল-সংগঠনৰ ভূমিকাও এইক্ষেত্ৰত সন্তোষজনক নহয় ৷ তদুপৰি বজাৰখনত মাছ-মাংস, পাচলি আদিও অস্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী হৈ থকা দেখা গৈছে ৷ ৰূপসী আঞ্চলিক পঞ্চায়তৰ দ্বাৰা পৰিচালিত সাপ্তাহিক বজাৰখনৰ পৰা দৈনিক লাখ লাখ টকা ৰাজহ সংগ্ৰহ হয় যদিও কোনো ধৰণৰ নলা-নিৰ্মাণ নকৰাৰ ফলত লেতেৰা আৰু বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত প্ৰশাসনেও কোনো গুৰুত্ব আৰোপ কৰা নাই ৷
লগতে চাওকঃইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত কি ক'লে জুবিন গাৰ্গে ?