অসম

assam

ETV Bharat / state

গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ছাত্ৰ ছাত্ৰীৰ লগতে জনীয়াবাসীৰ মানৱ শৃংখল কাৰ্যসূচী

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বেকী নৈৰ প্ৰবল খহনীয়াত নিচিহ্ন হোৱাৰ পথত জনীয়া সমষ্টিৰ গুৰালা, আলিপুৰ, গোবিন্দপুৰ আৰু ৰচুলপুৰ গাঁও। সেয়েহে গাঁও কেইখন ৰক্ষাৰ বাবে আজি খহনীয়া নিয়ন্ত্ৰণৰ দাবীত অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে মানৱ শৃংখল কাৰ্যসূচী (Students hold human chain demanding erosion prevention)।

By

Published : Aug 20, 2022, 8:36 PM IST

Human Chain Protest Demanding erosion prevention in Barpeta
গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ছাত্ৰ ছাত্ৰীৰ লগতে জনীয়াবাসীৰ মানৱ শৃংখল কাৰ্যসূচী

জনীয়া, 20 আগষ্ট: খহনীয়াৰ তাণ্ডৱত দিশহাৰা নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলাকলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷ বানৰ পাছত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি খহনীয়াই এফালৰ পৰা ঢাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion hits riverside people in Assam)৷ নৈৰ বুকুত লীন হৈ যায় বহুলোকৰ সপোন ৷

উল্লেখ্য যে, খহনীয়াৰ ফলত বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে বৰপেটা জিলাপৰ বহু অঞ্চল ৷ খহনীয়াই যেন এক প্ৰকাৰে কালৰূপ ধাৰণ কৰিছে বৰপেটা জিলাত ৷ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বেকী নৈৰ প্ৰবল খহনীয়াত নিচিহ্ন হোৱাৰ পথত জনীয়া সমষ্টিৰ গুৰালা, আলিপুৰ, গোবিন্দপুৰ আৰু ৰচুলপুৰ গাঁও। বিগত এটা মাহত বৰপেটা জিলাত বেঁকী নৈৰ খহনীয়াত উটি গ’ল প্ৰায় ৩০ টা পৰিয়ালৰ বাসগৃহৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী অধ্যায়নৰত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ বলাইপথাৰ প্ৰাথমিক বিদ্যালয়খন (Beki River Erosion) ৷

গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ছাত্ৰ ছাত্ৰীৰ লগতে জনীয়াবাসীৰ মানৱ শৃংখল কাৰ্যসূচী

সেয়েহে গাঁওকেইখন ৰক্ষাৰ বাবে আজি খহনীয়া নিয়ন্ত্ৰণৰ দাবীত অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী উলাই আহি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে (Human Chain Protest in Jania)। গুৰালা গাঁও ৰক্ষা কৰক, আলিপুৰ গাঁও ৰক্ষা কৰক, ৰচুলপুৰ গাঁও ৰক্ষা কৰক, গোবিন্দপুৰ পঞ্চায়ত ৰক্ষা কৰক, মিলন বজাৰ ৰক্ষা কৰক, আমাৰ বিদ্যালয় ৰক্ষা কৰক, গৰাখহনীয়া নিয়ন্ত্ৰণ কৰক, ক্ষতিগ্ৰস্ত পৰিয়ালক পুনৰ সংস্থাপন দিয়ক আদি শ্লোগানেৰে হাতে হাতে প্লেকাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনহাতে জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকৰ বিৰুদ্ধেও খহনীয়াগ্ৰস্থ লোকে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা যায় ৷

প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে ৰাইজৰ দলৰ সম্পাদক তথা জনীয়া সমষ্টিৰ যুৱ নেতা আশ্ৰাফুল ইছলামে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জল সম্পদ মন্ত্ৰী পিযুষ হাজৰিকালৈ একোখনকৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক:কলগাছিয়াত গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত কৃষক মুক্তিৰ উদ্যোগত গণ আন্দোলন কাৰ্যসূচী

ABOUT THE AUTHOR

...view details