বৰপেটা ২২ মাৰ্চ: নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে জব্দ কৰা হৈছে লাখ লাখ টকা । আজিও সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গৰেট্টাৰীত সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিজিতা ডেকাৰ নেতৃত্বত আৰক্ষী আৰু এছ এছ টি(এ)য়ে চলোৱা এক তালাচী অভিযানত দুগৰাকী ব্যক্তিৰ পৰা পৃথকে পৃথকে তিনি লক্ষাধিক টকা জব্দ কৰে ।
সৰুক্ষেত্ৰীৰ গৰেট্টাৰীত বৃহৎ পৰিমাণৰ টকা জব্দ - sst saized money at sarukheti barpeta
বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে জব্দ কৰা হৈছে লাখ লাখ টকা । আজিও সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গৰেট্টাৰীত সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিজিতা ডেকাৰ নেতৃত্বত আৰক্ষী আৰু এছ এছ টি(এ)য়ে চলোৱা এক তালাচী অভিযানত দুগৰাকী ব্যক্তিৰ পৰা পৃথকে পৃথকে তিনি লক্ষাধিক টকা জব্দ কৰে ।
আৰক্ষীৰ সুত্ৰই সদৰি কৰা মতে ৰুস্তম আলী দেৱান নামৰ এজন লোকৰ পৰা ২,২৯,০০০ টকা কৰাৰ লগতে ৰমজান আলীৰ নামৰ আন এজন লোকৰ পৰা ৮৮,০০০ টকা জব্দ কৰে । নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ত টকাখিনি নীতি বৰ্হিভূত ভাৱে সৰবৰাহ কৰাৰ অভিযোগত জব্দ কৰা হয় বুলি জানিবলৈ দিয়ে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিজিতা ডেকাই । জব্দ কৰা মুঠ ৩,১৭,০০০ টকা জিলা কোষাগাৰলৈ প্ৰেৰণ কৰা হয় বুলি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিছে ।
লগতে পঢ়ক : প্ৰতিশ্ৰুতি নহয়, গেৰাণ্টিৰ সৈতে কলিয়াবৰত প্ৰিয়ংকা গান্ধী