অসম

assam

ETV Bharat / state

বৰপেটা ৰোডত টাটা মেজিকৰ খুন্দাত শিশুসহ আহত 6 জন

31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকাৰ সময়তে ব্যক্তিকেইগৰাকীক পাচফালৰ পৰা মহতিয়াই নিয়ে টাটা মেজিকখনে ৷ দু্ৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় 4 জনকৈ লোক ৷

By

Published : Mar 30, 2019, 7:52 PM IST

BARPETA

বৰপেটা,30 মাৰ্চঃবৰপেটাৰোডত পথ দুৰ্ঘটনা ৷ শনিবাৰে বিয়লি টাটা মেজিকে মহতিয়াই নিলে 6 জনকৈ লোক ৷ দুৰ্ঘটনা সংঘটিত কৰি টাটা মেজিকখনৰ চালকৰ পলায়ন ৷

টাটা মেজিকৰ খুন্দাত শিশুসহ আহত 6 জন


দুৰ্ঘটনাটোত আহত লোকসকল ক্ৰমে হালিমা খাতুন, ছফিকুল ইছলাম, লালভানু বেগম, ৰেজীয়া খাতুন, ছুফিয়া বেগমআৰু ফাতিমা বেগম বুলি জানিব পৰা হৈছে ৷ঘটনা অনুসৰি শনিবাৰে বিয়লি বৰপেটাৰ মন্দিয়াত এন আৰ চিৰ সাক্ষী দি উভতি অহাৰ সময়তে সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ বৰপেটাৰোডৰ শিমলাগুৰীৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থাকোতেই ব্যক্তিকেইগৰাকীক পাচফালৰ পৰা মহতিয়াই নিয়ে AS-26C-0998 নম্বৰৰ টাটা মেজিক খনে ৷ ইয়াৰে হালিমা খাতুন, ছফিকুল ইছলাম,লালভানু বেগম আৰু ছুফিয়া বেগমক উন্নত চিকিৎসাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হৈছে ৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে টাটা মেজিকখনৰ চালকজনে।

ABOUT THE AUTHOR

...view details