অসম

assam

By

Published : Aug 4, 2023, 8:04 PM IST

ETV Bharat / state

RPI Press Meet : অসমত 2 খন আসন বিচাৰিব এনডিএৰ সহযোগী দল ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াই

আগন্তুক লোকসভা নিৰ্বাচনত অসমত 2 খন আসন বিচাৰিলে এনডিএৰ সহযোগী দল ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াই ৷ বৰপেটাৰ আৱৰ্ত ভৱনত দলটোৰ ৰাজ্যিক বিষয়ববীয়াৰ সংবাদমেল ৷

Republican Party of India Press Meet
বৰপেটাৰ আৱৰ্ত ভৱনত ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ সংবাদমেল

ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ সংবাদমেল

বৰপেটা, 4 আগষ্ট :আগন্তুক লোকসভা নিৰ্বাচনত অসমত 2 খন আসন বিচাৰিলে কেন্দ্ৰৰ এনডিএৰ সহযোগী দল তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেৰ নেতৃত্বাধীন ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াই ৷ এই সন্দৰ্ভত বৰপেটাৰ আৱৰ্ত ভৱনত দলটোৰ ৰাজ্যিক বিষয়ববীয়াৰ সংবাদ মেল ৷

লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া ৰাজনৈতিক কুচ-কাৱাজ আৰম্ভ হৈছে বিভিন্ন দলৰ মাজত ৷ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাক কেন্দ্ৰ কৰি আৰম্ভ হৈছে হিচাব-নিকাচ ৷ দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৎকৰ হৈ উঠিছে শাসক-বিৰোধীকে ধৰি বিভিন্ন ৰাজনৈতিক দল ৷

সমাগত লোকসভা নিৰ্বাচনত এইবাৰ অসমত 2 খন আসন বিচাৰিলে কেন্দ্ৰৰ এনডিএৰ সহযোগী দল, কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেৰ নেতৃত্বাধীন ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াই ৷ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ আসন দুখন বিচাৰিলে দলটোৱে ৷ শুকুৰবাৰে বৰপেটাৰ আৱৰ্ত ভৱনত এক সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰে দলটোৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আমজাদ আলী আৰু যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি আব্দুল হাইনাগৰীয়ে ৷

সংবাদমেলত দলটোৰ ৰাজ্যিক শীৰ্ষ নেতাদ্বয়ে বৰপেটা আৰু ধুবুৰীত দলটোৰ সাংগঠনিক ভেঁটি শক্তিশালী বুলি দাবী কৰাৰ লগতে এই আসন দুখন সম্পৰ্কে বিজেপিৰ সৈতে ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সভাপতি ৰামদাস আঠাৱালে আলোচনাত মিলিত হ'ব বুলি অৱগত কৰে ৷ যদিহে ৰাজ্যিক বিজেপিৰ লগত বৰপেটা আৰু ধুবুৰীৰ আসন দুখনত কোনো বুজাবুজিত উপনীত নহয় তেন্তে অসমত 4 ৰ পৰা 5 খন আসনত ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াই বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি কয় দলটোৰ দুই নেতাই ৷ অৱশ্যে এনডিএৰ সহযোগী দল ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ সৈতে ৰাজ্যিক বিজেপিয়ে মিত্ৰতা কৰিবনে নকৰে সেয়া সময়েহে ক'ব ৷

লগতে পঢ়ক :INDIA controversy : 'INDIA'ৰ বিৰোধিতাৰে আদালতত আবেদন, ২৬ বিৰোধী দলক আদালতৰ জাননী

ABOUT THE AUTHOR

...view details