জনিয়া, 6 জুন:কলগাছিয়াৰ বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰান্ধনীঘৰত এক অগ্নিকাণ্ড সংঘটিত হয় (Fire Incident at Barbhitha Higher Secondary School) ৷ এই অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ পুথিভঁৰালৰ কিতাপৰ লগতে কিছুমান নথি-পত্ৰ জাহ যায় । অৱশ্যে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ লগে লগে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাত কথমপি ৰক্ষা পৰে সমগ্ৰ বিদ্যালয়খন ৷
পিছে ঘটনাকলৈ বিদ্যালয়খনত সম্প্ৰতি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কিয়নো ৰান্ধনীঘৰটোত বিদ্যালয়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ কাগজ-পত্ৰৰ লগতে ছাত্ৰ-ছাত্ৰীৰ কিতাপ পত্ৰ, মূল্যালয়নৰ বহী আছিল । কি কাৰণত এই গুৰুত্বপূৰ্ণ কাগজ-পত্ৰসমূহ বিদ্যালয় কৰ্তৃপক্ষই ৰান্ধনীঘৰত ৰাখিছিল আৰু কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ’ল তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে ।