অসম

assam

By

Published : Apr 7, 2020, 8:16 PM IST

ETV Bharat / state

আমিনুল ইছলামৰ গ্ৰেপ্তাৰ সন্দৰ্ভত জনিয়াৰ বিধায়কৰ প্ৰতিক্ৰিয়া

সাম্প্ৰদায়িক মন্তব্য প্ৰদানৰ বাবে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰৰ সন্দৰ্ভত জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া । আইনৰ আওতাত আমিনুল ইছলামৰ বিৰুদ্ধে যি বিচাৰ হয় তাত একো ক'বলগীয়া নাথাকিব বুলি দোহাৰে জনিয়াৰ বিধায়ক ইছলামে ।

Reaction of MLA of jania
জনিয়াৰ বিধায়কৰ প্ৰতিক্ৰিয়া

জনিয়া,7 এপ্ৰিলঃমহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছ সম্পৰ্কত বিতৰ্কিত মন্তব্য প্ৰদান কৰি গ্ৰেপ্তাৰ হৈছে ধিঙৰ বিধায়ক আমিনুল ইছলাম ৷ বিধায়ক গৰাকীক গ্ৰেপ্তাৰৰ সন্দৰ্ভত জনিয়া বিধানসভা সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । বিধায়ক আমিনুল ইছলামৰ বক্তব্য সমৰ্থনযোগ্য নহয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে জনিয়াৰ বিধায়ক গৰাকীয়ে ৷ আইনৰ আওতাত আমিনুল ইছলামৰ বিৰুদ্ধে যি বিচাৰ হয় তাত একো ক'বলগীয়া নাথাকিব বুলি দোহাৰে জনিয়াৰ বিধায়ক ইছলামে ।

জনিয়াৰ বিধায়কৰ প্ৰতিক্ৰিয়া

কিন্তু তাৰ লগতে চৰকাৰে নিৰপেক্ষভাৱে সঘনাই সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি অহা হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, শিলচৰৰ বিধায়ক দিলীপ পালৰ লগতে সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্যৰে কলুষিত কৰি ৰখা ব্যক্তি সকলোকো গ্ৰেপ্তাৰ কৰিব লাগে বুলি চৰকাৰক আহ্বান জনায় । দিল্লীৰ জামাতলৈ যোৱা বা তেনে লোকৰ সংস্পৰ্শলৈ অহা সকলো ব্যক্তিক কোনো ভয় নকৰাকৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ অনুৰোধ জনায় বিধায়ক হাফিজ ৰফিকুল ইছলামে ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে জন সাধাৰণৰ বাবে তৎপৰ হৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰো শলাগ লয় বিধায়ক গৰাকীয়ে ৷

লগতে চাওকঃডিব্ৰুগড়ত 60 টা ৰে'লৰ ডবাত স্থাপন আইচলেচন ৱাৰ্ড !

ABOUT THE AUTHOR

...view details