অসম

assam

ETV Bharat / state

বৰপেটাত দুই মূৰ সংলগ্ন যমজ সন্তান জন্ম দিলে এগৰাকী প্ৰসূতিয়ে

বেতবাৰী গাঁৱৰ ৰূপচান্দ আলীৰ পত্নী জেছমিনা পাৰবীনে জন্ম দিলে দুই মূৰ সংলগ্ন হৈ থকা দুটি কন্যা সন্তান ৷ ২৭ অক্টোবৰৰ মাজ নিশা স্বাভাৱিকভাৱে জন্ম হয় শিশু দুটা ৷

rare twin babies birth
বৰপেটাত জন্ম হ'ল দুটাকৈ মূৰ সংলগ্ন যমজ কন্যা সন্তানৰ

By

Published : Nov 2, 2021, 7:26 PM IST

বৰপেটা, ২ নৱেম্বৰ :বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পাকা বেতবাৰী গাঁৱৰ ৰূপচান্দ আলীৰ পত্নী জেছমিনা পাৰবীনে জন্ম দিলে দুই মূৰ সংলগ্ন হৈ থকা দুটি কন্যা সন্তানৰ ৷ ২৭ অক্টোবৰৰ মাজ নিশা গাঁওখনৰে এগৰাকী চিকিৎসকৰ তৎপৰতাত শিশু দুটা স্বাভাৱিকভাৱে জন্ম হয় ৷

বৰপেটাত জন্ম হ'ল দুটাকৈ মূৰ সংলগ্ন যমজ কন্যা সন্তানৰ

শিশু দুটিৰ মূৰ দুটা সংলগ্ন হৈ থকাৰ ঘটনাক লৈ গভীৰ সংকটত পৰিছে দুখীয়া পৰিয়ালতো ৷ ইফালে, শিশু দুটাৰ মূৰ দুটা সংলগ্ন হৈ জন্ম পোৱা ঘটনাটোৰ বিষয়ে জানিব পাৰি মঙলবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মা প্ৰসূতিগৰাকীৰ গৃহত উপস্থিত হয় আৰু শিশু আৰু প্ৰসূতি মাতৃ গৰাকীৰ অৱস্থাৰ বুজ লয় ৷

লগতে পঢ়ক:ভৱানীপুৰত জয়ী হ'ল বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰ

শিশু দুটাৰ অৱস্থাৰ বুজ লৈ বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মাই শিশু দুটাৰ মূৰ দুটা বিচ্চিন্ন কৰি দুয়োটা শিশুৰ স্বাভাৱিক জীৱন ঘুৰাই দিবৰ বাবে অস্ত্ৰোপচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি সদৰী কৰে ৷ আনহাতে অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে ৷

আনহাতে দুখীয়া পৰিয়ালটোক উদ্ধাৰ কৰাৰ বাবে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ইতিমধ্যে গুৱাহাটী আৰু বৰপেটা মেজিকেল কলেজ হাস্পতালৰ অধ্যক্ষৰ সৈতে টেলিফোন যোগে আলোচনা কৰিছে ৷ বিষয়টো সন্দৰ্ভত দুয়োখন মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই বিশেষজ্ঞ চিকিৎসকৰ সৈতে পৰৱৰ্তী সময়ত অস্ত্ৰোপ্ৰচাৰ সম্পৰ্কে সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, এই বিষয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো অৱগত কৰিব সাংবাদিকৰ আগত জানিবলৈ দিছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷

লগতে পঢ়ক:হাঁহি হাঁহি ৰূপজ্যোতি কুৰ্মীয়ে ক'লে কংগ্ৰেছ আৰু অখিল শেষ

ABOUT THE AUTHOR

...view details