অসম

assam

By

Published : Sep 30, 2020, 12:20 PM IST

ETV Bharat / state

কৃষি আইনৰ বিৰোধিতাৰে কলগাছিয়াত চি পি আই এমৰ উত্তাল প্ৰতিবাদ

প্ৰতিবাদত উত্তাল কলগাছিয়াৰ লাংচাংগা বজাৰ। কৃষি আইন বাতিলৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে চি পি আই এমে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

কৃষি আইনৰ বিৰোধিতাৰে কলগাছিয়াত চি পি আই এমৰ উত্তাল প্ৰতিবাদ
কৃষি আইনৰ বিৰোধিতাৰে কলগাছিয়াত চি পি আই এমৰ উত্তাল প্ৰতিবাদ

জনীয়া, ২৯ছেপ্টেম্বৰ : কলগাছিয়াৰ লাচাংগা বজাৰত কৃষি আইন বাতিলৰ দাবীত চি পি আই এমে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি ১ কিল'মিটাৰ চোঁচৰাই নি দাহ কৰি ক্ষোভ প্ৰকাশ কৰে দলটোৰ শতাধিক কৰ্মকৰ্তাই । প্ৰতিবাদকাৰীয়ে কৃষকৰ স্বাৰ্থ বিৰোধী কৃষি আইন বাতিলৰ দাবী জনাই সমদলো বাহিৰ কৰে । বি জে পি চৰকাৰে কৃষক বিৰোধী আইন প্ৰণয়ন কৰি নিত্য ব্য়ৱহাৰ্য সামগ্ৰী চাউল, দাইল, আলু, মিঠাতেল আদিক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাদ দিয়া কাৰ্যৰো ঘোৰ বিৰোধিতা কৰে সংগঠনটোৱে । চি পি আই এমৰ নেতা ৰুস্তম আলীৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক কৰ্মীয়ে ।

ABOUT THE AUTHOR

...view details