বৰপেটা ২৬ ছেপ্টেম্বৰ :বৰপেটা জিলাৰ সৰ্থেবাৰীস্থিত ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত সোমবাৰে শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য আদায়ৰ বাবে এক সংবাদমেল সম্বোধন কৰে (power workers union press meet in Barpeta) । আছাম ষ্টেট আউটছ'ৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ (Assam State outsource power workers union) বৰপেটা চাৰ্কোলৰ উদ্যোগত অনুষ্ঠিত হয় উক্ত সংবাদমেল ।
সংগঠনটোৰ বৰপেটা চক্ৰৰ সভাপতি গজেন্দ্ৰ নাথ হালৈয়ে সম্বোধন কৰে উক্ত সংবাদমেল । উক্ত সংবাদমেলত গজেন্দ্ৰ নাথ হালৈয়ে বৰপেটা চক্ৰকে ধৰি সমগ্ৰ অসমত প্ৰায় পাঁচ হাজাৰ লোকে বিনা বেতন আৰু নিম্ন মজুৰিত অস্থায়ীভাবে এপিডিচিএলত (APDCL) পোন্ধৰ/বিছ বছৰ ধৰি সেৱা আগবঢ়াই থকা বুলি উল্লেখ কৰে । লগতে তেওঁ এইসকল অস্থায়ী কৰ্মচাৰীৰ চাকৰি অতি সোনকালেই নিয়মীয়াকৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰীলৈ দাবী উত্থাপন কৰে (Assam power distribution company limited) ।
উল্লেখ্য, পূৰ্বতে সংগঠনটোৰ তৰফৰ পৰা বিভাগীয় মন্ত্ৰী তথা চৰকাৰলৈ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই স্মাৰক-পত্ৰ প্ৰদান কৰিছিল যদিও এতিয়ালৈকৈ কোনো সুফল লাভ কৰা নাই এপিডিচিএলৰ অস্থায়ী কৰ্মচাৰীসকলে (APDCL workers memorandum to power department) । পূৰ্বৰ শক্তিমন্ত্ৰী বিমল বৰাৰো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে আৰু বৰ্তমানৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচায়ো এইক্ষেত্ৰত কোনো কাণসাৰ দিয়া নাই বুলি সংবাদমেলত মন্তব্য কৰে ।