বৰপেটা, ৬ মে’ঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন আছিল কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ ৷ তাৰ বাবে মোডীয়ে মুকলি কৰিছিল কৃষক সন্মান নিধি নামে এক আঁচনি ৷ এই আঁচনিখনৰ জৰিয়তে প্ৰতিজন কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে আৰ্থিক অনুদান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ পিছে কৃষকক আৰ্থিক অনুদান প্ৰদানৰ নামত বৰ্তমান ৰাজ্যত সংঘটিত হৈছে ব্যাপক অনিয়ম তথা দুৰ্নীতি ৷ এই অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ প্ৰতিজন কৃষকে ৷
বৰপেটাতো এই আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ কথা সম্প্ৰতি পোহৰলৈ আহিছে ৷ জিলাখনৰ সুন্দৰীদিয়া গাঁও পঞ্চায়তত কৃষক সন্মান নিধিৰ অন্তৰ্গত হিতাধিকাৰীৰ তালিকা প্ৰকাশৰ পিছত সংঘটিত দুৰ্নীতিৰ কথা পোহৰলৈ আহে ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি, মহাপুৰুষ মাধৱদেৱৰ স্থাপিত সুন্দৰীদিয়া সত্ৰ অঞ্চলত নাই এজনো ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বাসিন্দা ৷ পিছে গাঁৱখনৰ এই আঁচনিৰ অধীনৰ হিতাধিকাৰীৰ তালিকাত প্ৰকাশ পায় প্ৰায় 1000 ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিৰ নাম ৷ কিন্তু কেনেকৈ এইসকল লোকে তালিকাত স্থান লাভ কৰিলে তাক লৈ বিভ্ৰান্তিত পৰিছে গাওঁবাসী ৷ ঘটনা সন্দৰ্ভত সুন্দৰীদিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰি আবেদন কৰাৰ লগতে উচিত তদন্তৰ দাবী জনাইছে ৷