পাঠশালা,10 আগষ্ট:বিগত কিছুদিনপূৰ্বেমণিপুৰত উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমণত মৃত্যুবৰণ কৰা বীৰ শ্বহীদ প্ৰণয় কলিতাৰ সোমবাৰে পৱিত্ৰ আদ্যশ্ৰাদ্ধ উপলক্ষে শ্বহীদগৰাকীৰ বাসগৃহৰ চোতালত এক আবক্ষ মূৰ্তি উন্মোচন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ বিগত সাতদিন পূৰ্বে শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ বিজেপিৰ সভাপতি গৰাকীয়ে প্ৰতিমূৰ্তি স্থাপনৰ বাবে পৰিয়ালবৰ্গক দিয়া প্ৰতিশ্ৰুতি কাৰ্যত কৰি দেখুৱায় ৷
শ্বহীদ প্ৰণয় কলিতাৰ আবক্ষ মূৰ্তি উন্মোচন - বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস
সোমবাৰে বজালীত শ্বহীদ প্ৰণয় কলিতাৰ এক আবক্ষ মূৰ্তি উন্মোচন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ লগতে বজালীক এখন পূৰ্ণাংগ জিলা ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷

শ্বহীদ প্ৰণয় কলিতাৰ আবক্ষ মূৰ্তি উন্মোচন
শ্বহীদ প্ৰণয় কলিতাৰ আবক্ষ মূৰ্তি উন্মোচন
আনহাতে, আদ্যশ্ৰাদ্ধ উপলক্ষে শ্বহীদগৰাকীৰ বাসগৃহত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত অংশগ্ৰহণ কৰি বজালীৰ বিভিন্ন দল-সংগঠনে শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ এই স্মৃতিচাৰণ সভাতে সোমবাৰে বিজেপিৰ সভাপতিগৰাকীয়ে ৰাইজৰ সন্মুখত বজালীক এখন পূৰ্ণাংগ জিলা ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷
লগতে চাওকঃবিগত এমাহে পানীৰ তলত ৰঙিয়াৰ খন্দিকৰবাসীঃ সাক্ষাৎ নাই জন প্ৰতিনিধিৰ