অসম

assam

ETV Bharat / state

পাঠশালাত ভুৱা লেচীৰ দপদপনি - পাঠশালা বজাৰ কমিটি

পাঠশালা নগৰত সম্প্ৰতি মুকলিকৈ চলিছে একাংশ ভুৱা লেচীৰ দপদপনি ৷ পাঠশালা নগৰত বাণিজ্যিক গাড়ী এখন সোমালে একেখন গাড়ীৰ পৰা নিজৰ ইচ্ছামতে জোৰ জবৰদস্তি খাজনা তোলাৰ অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীসকলে আৰু অকল এয়াই নহয় ভুৱা লেচী সকলে খাজনা সংগ্ৰহ কৰা ৰচিদ সমূহো ভুৱা ইতিমধ্যে বাতৰি প্ৰচাৰ হৈছে ৷

পাঠশালাত ভুৱা লেচীৰ সন্ত্ৰাস
পাঠশালাত ভুৱা লেচীৰ সন্ত্ৰাস

By

Published : Jul 2, 2021, 9:01 PM IST

বজালী, 2 জুলাই :বজালী জিলা সদৰ পাঠশালা নগৰত সম্প্ৰতি মুকলিকৈ চলিছে একাংশ ভুৱা লেচীৰ দপদপনি ৷ যাৰ পৰিপ্ৰেক্ষিতত নগৰ খনলৈ সৰু বৰ গাড়ীত বিভিন্ন সা-সামগ্ৰী লৈ অহা ব্যৱসায়ীসকল আতংকত ভুগিব লগীয়া হৈছে ৷ একাংশ ব্যৱসায়ীৰ অভিযোগ অনুসৰি পাঠশালা নগৰৰ দোকান সমূহত যোগান ধৰিব বাবে বিভিন্ন সা-সামগ্ৰী লৈ নগৰখনত সোমোৱা তিনি চকীয়া, চাৰি চকীয়াৰ পৰা আৰম্ভ কৰি গধুৰ যান বাহন সমূহে নগৰখনত পদাৰ্পন কৰাৰ পিছতে হাতত একোখনকৈ ৰচিদ বহী লৈ গাড়ীখন আগচি ধৰে আৰু পঞ্চাশ টকাৰ পৰা আৰম্ভ কৰি যি ধন বিচাৰে তাকে দিবলৈ বাধ্য হয় ৷

এই বিষয়ে গাড়ী চালক বা গাড়ীৰ গৰাকীয়ে প্ৰশ্ন সুধিলে ওলোটাই ধমক দিয়ে আৰু পাঠশালা নগৰত গাড়ী সোমালে খাজনা দিবই লগিব বুলি কয় ৷ উল্লেখযোগ্য যে, এখন বাণিজ্যিক গাড়ী সোমালে নগৰখনৰ বিভিন্ন দিশ ঠিকমতে চলাই নিবলৈ নীতিগত ভাৱে খাজনা তোলাৰ ব্যৱস্থা আছে ৷ কিন্তু পাঠশালা নগৰত বাণিজ্যিক গাড়ী এখন সোমালে একেখন গাড়ীৰ পৰা নিজৰ ইচ্ছামতে জোৰ জবৰদস্তি খাজনা তোলাৰ অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীসকলে আৰু অকল এয়াই নহয় ভুৱা লেচী সকলে খাজনা সংগ্ৰহ কৰা ৰচিদ সমূহো ভুৱা ইতিমধ্যে বাতৰি প্ৰচাৰ হৈছে ৷

পাঠশালাত ভুৱা লেচীৰ সন্ত্ৰাস

খাজনা সংগ্ৰহ কৰাৰ নামত ব্যৱসায়ীক প্ৰদান কৰা ৰচিদ সমূহ দেখিলে সেয়া যে, ভুৱা তাক যিকোনো মানুহে ধৰিব পাৰিব ৷ পাঠশালাৰ পিতৃ সংগঠন বজাৰ কমিটিৰো নাম এই ক্ষেত্ৰত সাঙুৰিছে ভুৱা চক্ৰটোৱে । আশ্বৰ্যকৰ কথা যে, প্ৰতিদিনে খাজনা সংগ্ৰহ কৰা ৰচিদ সমূহো ভিন্ন ৷ আনহাতে ৰচিদ সমূহত নাথাকে কোনো তাৰিখ অথবা স্বাক্ষৰ ৷ ইপিনে কিছু সংখ্যক ৰচিদত "পাঠশালা বজাৰ কমিটিৰ খাজনাৰ ৰচিদ" বুলি লিখা আছে যদিও এইবোৰ সকলো পাঠশালা বজাৰ কমিটিৰ অগোচৰে কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷

পাঠশালা বজাৰ কমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী আৰু সম্পাদক জিতেন তালুকদাৰে বিষয়টো সন্দৰ্ভত অৱগত হোৱাৰ পিছতে নগৰখনত যে ভুৱা লেচীয়ে দপদপাই আছে সেয়া নিশ্চিত কৰিছে ৷ কিয়নো পাঠশালা বজাৰ কমিতিয়ে এনেকুৱা কোনো ধৰণৰ লেচী নিযুক্ত কৰা নাই নাইবা কাকো অনুমতিও প্ৰদান কৰা নাই ৷ জানিব পৰা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নগৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহলৈ বয় বস্তু কঢ়িয়াই অনা গাড়ীৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰাৰ বাবে দহ টাতকৈও অধিক ভুৱা লেচীৰ দলে নগৰখনত পিয়াপি দি ফুৰে ৷ পাঠশালা নগৰক বাহিৰৰ ব্যৱসায়ীসকলৰ দৃষ্টিত বদনাম কৰা এই ভুৱা লেচীৰ বিষয়ে পাঠশালা পৌৰ সভাও সম্পূৰ্ণ অজ্ঞাত ৷

আনহাতে পাঠশালাৰ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া মিথিংগা দৈমাৰীয়ে জানিবলৈ দিয়া অনুসৰি, পৌৰ সভাৰ অনুমোদন ক্ৰমে নগৰখনত বিভিন্ন সামগ্ৰী উঠোৱা-নমোৱাৰ বাবে একোখন বাহনৰ পৰা ৪০ টকাকৈ লোৱা হয় ৷ আন এখন ৰচিদেৰে দৈনিক বজাৰ আৰু অৰ্ধ সাপ্তাহিক বজাৰৰ পৰা খাজনা উঠোৱাৰ নিয়ম ৷ কিন্তু একাংশ মালবাহী ব্যৱসায়ীৰ অভিযোগ অনুসৰি একেখন গাড়ীৰ পৰা দুয়োখন ৰচিদেৰে ধন সংগ্ৰহ কৰি অহা হৈছে ৷

পাঠশালা বজাৰ কমিতি আৰু পাঠশালা পৌৰ সভাৰ অনুমতি অবিহনে কষ্ট কৰি ব্যৱসায় কৰি থকাসকলৰ পৰা দৈনিক হাৰত বৃহৎ অংকৰ ধন সংগ্ৰহ কৰা সহজলভ্য ধনৰ পিছত দৌৰা ভুৱা লেচীৰ চক্ৰ সমূহক অনতি পলমে চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ এইক্ষেত্ৰত পাঠশালা বজাৰ কমিটি, পাঠশালা পৌৰ সভা আৰু বজালী জিলা আৰক্ষী অধীক্ষকে কি ব্যবস্থা লয় সেয়া পৰবৰ্তী সময়তহে লক্ষণীয় হ’ব।

লগতে পঢ়কঃ ৰাষ্ট্ৰপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details