অসম

assam

By

Published : Aug 4, 2023, 3:48 PM IST

ETV Bharat / state

Notice of suspected foreigner: সন্দেহযুক্ত বিদেশীৰ জাননী চৰকাৰী চাকৰিয়ালৰ কন্যালৈ

চৰকাৰী চাকৰিয়ালৰ কন্যাৰ নামত অহা সন্দেহযুক্ত বিদেশীৰ জাননীয়ে বিপাঙত পেলাইছে কলগাছিয়াৰ এটা পৰিয়ালক । ভিত্তিহীন ভুৱা গোচৰ তৰি ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগ উত্থাপন ভুক্তভোগী পৰিয়ালৰ ।

Mystery over notice of suspected foreigner in Kalgachia
সন্দেহযুক্ত বিদেশীৰ জাননী চৰকাৰী চাকৰিয়ালৰ কন্যালৈ

সন্দেহযুক্ত বিদেশীৰ জাননী চৰকাৰী চাকৰিয়ালৰ কন্যালৈ

জনিয়া,৪ আগষ্ট:কলগাছিয়াত নাভূত-নাশ্ৰুত ঘটনা । চৰকাৰী চাকৰিয়ালৰ কন্যাৰ নামত আহিল সন্দেহযুক্ত বিদেশীৰ জাননী । ভিত্তিহীন ভুৱা গোচৰ তৰি ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগ উত্থাপন ভুক্তভোগী পৰিয়ালৰ । বিদেশী ন্যায়াধীকৰণৰ আদালত বৰ্জনৰ ভাবুকি ভুক্তভোগীৰ ।

জানিবপৰামতে, বৰপেটা জিলাৰ কলগাছিয়াৰ বাসিন্দা তথা কলগাছিয়া এম ই স্কুলত ১৯৬৫ চনৰ পৰা হিন্দী শিক্ষক হিচাপে চৰকাৰী চাকৰি কৰি ২০০৩ চনত মৃত্যু হোৱা আব্দুল কদ্দুচৰ কন্যা লুতফা খাতুনৰ নামত সীমান্ত আৰক্ষীয়ে প্ৰেৰণ কৰে সন্দেহযুক্ত বিদেশীৰ জাননী । ফলত পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ ।

সীমান্ত আৰক্ষীৰ এনে নাভূত-নাশ্ৰুত জাননী সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি দাবী কৰে পৰিয়ালটোৱে । ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি অসম তথা কলগাছিয়াৰ মাটি পানীত ডাঙৰ-দীঘল হোৱা অসম চৰকাৰৰ শিক্ষা বিভাগত চৰকাৰী চাকৰিয়াল আব্দুল কদ্দুচৰ কন্যা কেনেকৈ বিদেশী হব পাৰে, তাক লৈ বিপাঙত পৰিছে পৰিয়ালটো ।

১৯৫১ চনৰ এন আৰ চি, ১৯৬৬, ১৯৭১, ১৯৯৭ চনৰ লগতে বৰ্তমানলৈ সকলো ভোটাৰ তালিকাত পিতৃ তথা নিজৰ নাম থকা, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডিৰ উপৰি চৰকাৰী বি পি এল ৰেচন কাৰ্ডত নাম থকাৰ পিছতো লুতফা খাতুনক কেনেকৈ বিদেশী হিচাপে সন্দেহ কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে ভুক্তভোগীয়ে । লুতফা খাতুনৰ ডিমাপুৰ গাঁৱৰ শুকুৰ আলীৰ সৈতে সামাজিক নিয়ম মতে বিয়া হৈছিল আৰু বৰ্তমান সতি-সন্তানৰ মাতৃ হৈ স্বামীৰ সৈতে জীৱন নিৰ্বাহ কৰি আছে ।

লুতফা খাতুন জন্মগত ভাৰতীয় নাগৰিক । কিন্তু সীমান্ত আৰক্ষীয়ে কোনো তদন্ত নকৰাকৈ, লুতফাৰ ঘৰলৈ নহাকৈ সম্পূৰ্ণ মনে সজা, মিছা আৰু ভিত্তিহীন জাননী প্ৰেৰণ কৰা বুলি দাবী কৰি এই জাননীৰ জৰিয়তে তেওঁ বিদেশী ন্যায়াধীকৰণৰ আদালতৰ কাষ নাচাপে বুলি নিজৰ স্থিতি স্পষ্ট কৰে । মিছা জাননীত লুতফা নাগৰিকত্বৰ পৰীক্ষা দিবলৈ সন্মত নহয় বুলি কোৱাৰ লগতে তেওঁ ন্যায়াধীকৰণ বৰ্জন কৰিব বুলি জানিবলৈ দিয়ে ।

ইফালে, এইদৰে অসমত হাজাৰ হাজাৰ নিৰীহ ভাৰতীয় নাগৰিকলৈ বিদেশীৰ নামত মিছা জাননী প্ৰেৰণ কৰি হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন কৰে কৰে ডি ভোটাৰ মঞ্চৰ সম্পাদক ফাৰুক খানে । শীঘ্ৰে এই ধৰণৰ কু-চক্ৰান্ত বন্ধ কৰি ডি-ভোট বিলুপ্ত কৰা আৰু বিদেশীৰ জাননী প্ৰেৰণ কৰা বন্ধ কৰিবলৈ দাবী জনায় ফাৰুক খানে ।

লগতে পঢ়ক:Stolen electricity connection: বিধিৰ বিপাক ! পঞ্চায়ততো চোৰাংকৈ কৰিব লগীয়া হৈছে বিদ্যুৎ সংযোগ

For All Latest Updates

ABOUT THE AUTHOR

...view details