মঙলদৈ, 9 এপ্ৰিলঃ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে কমলপুৰলৈ আহিব প্ৰধানমন্ত্ৰী মোডী ৷ 11 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী প্ৰচাৰৰ বাবে কামালপুৰত যুদ্ধকালীন তৎপৰতা ৷
প্ৰধানমন্ত্ৰী মোডীৰ সভাক লৈ যুদ্ধকালীন তৎপৰতা কমলপুৰত
ডেৰ লক্ষাধিক লোকৰ সমাগমৰ লক্ষ্য ৰাজ্যিক বিজেপি আৰু অগপৰ ৷ সভাস্থলীত চলিছে যুদ্ধকালীন তৎপৰতা। হেলিপেড নিৰ্মাণৰ পৰা ৰভা নিৰ্মাণ লৈ ব্যাপক আয়োজন
প্ৰধানমন্ত্ৰী মোডীৰ সভাক লৈ যুদ্ধকালীন তৎপৰতা কামালপুৰত
ডেৰ লক্ষাধিক লোকৰ সমাগম হোৱাৰ আশা ৰাখিছে ৰাজ্যিক বিজেপি আৰু অগপ দলে ৷ প্ৰধানমন্ত্ৰীৰ আগমণৰ বাবে হেলিপেড নিৰ্মাণৰ লগতে প্ৰস্তুত কৰি উলিওৱা হৈছে বৃহৎ সভাঘৰ ৷ কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ তত্বাৱধানত মোদীৰ জনসভাখনৰ আয়োজন কৰা হৈছে ।জনসভাকলৈ বিজেপি আৰু অগপৰ যুটীয়া পৰিচালনা সমিতি গঠন।