অসম

assam

By

Published : Aug 18, 2019, 12:45 PM IST

ETV Bharat / state

"প্ৰতিজন সন্তান হওঁক একো একোজন শ্ৰৱণ কুমাৰ"

এখন পুৰণি, প্ৰায় জৰাজীৰ্ণ স্কুটাৰত মাতৃক বহুৱাই লৈ এখনৰ পিচত আন এখন ৰাজ্য ভ্ৰমণ কৰি আধুনিক শ্ৰৱণ কুমাৰ তথা মহীশূৰৰ বাসিন্দা কৃষ্ণ কুমাৰ উপস্থিত হ'ল বৰপেটাত৷ মাতৃৰ প্ৰৱেশত বাধা থকাৰ বাবেই সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত প্ৰৱেশ নকৰিলে মাতৃভক্ত এই আধুনিক শ্ৰৱণ কুমাৰে ৷

"প্ৰতিজন সন্তান হওক একো একোজন শ্ৰৱণ কুমাৰ"


বৰপেটা, 18 আগষ্টঃ একোচা দীঘল দাড়ি, দীঘল ক'লা চুলিৰে সৈতে ডিঙিত গামোছা লৈ থকা এই লোকজন কোনো বিখ্যাত লোক নহয়৷ মাতৃভক্তিৰ জীৱন্ত প্ৰতিমূৰ্তিৰূপে পৰিচিত এই লোকজন হৈছে কৰ্ণাটকৰ মহীশূৰৰ কৃষ্ণ কুমাৰ৷ এইজন আধুনিক শ্ৰৱণ কুমাৰৰ মাতৃৰ প্ৰতি থকা ভক্তি আৰু প্ৰেম এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে সমগ্ৰ দেশতে৷ শ্ৰৱণ কুমাৰে অন্ধ পিতৃ মাতৃক কান্ধত ভাৰ বান্ধি ভাৰতবৰ্ষৰ পবিত্ৰ মঠ মন্দিৰসমুহ দৰ্শন কৰোৱাৰ দৰেই এইজন কৃষ্ণ কুমাৰেও এখন পুৰণি স্কুটাৰতে মাতৃক উঠাই লৈ সমগ্ৰ দেশৰ পবিত্ৰ মঠ-মন্দিৰ, নগৰ-চহৰ, গাওঁ-ভুই ভ্ৰমি ফুৰিছে বিগত প্ৰায় ডেৰ বছৰে ৷

"প্ৰতিজন সন্তান হওঁক একো একোজন শ্ৰৱণ কুমাৰ"

উল্লেখ্য যে, 2018 চনৰ 16 জানুৱাৰীত মহীশূৰৰ নিজ গৃহৰ পৰা ওলাই অহা কৃষ্ণ কুমাৰে এইখন স্কুটাৰতে মাতৃক বহুৱাই লৈ ইতিমধ্যে 17 খন ৰাজ্য আৰু ভূটান নেপালকে ধৰি দুখনকৈ দেশ ভ্ৰমণ সম্পূৰ্ণ কৰিছে৷ আধুনিক শ্ৰৱণ কুমাৰ হিচাপে পৰিচিত কৃষ্ণ কুমাৰ শনিবাৰে বিয়লি গুৱাহাটীৰ পৰা আহি উপস্থিত হয় বৰপেটাত ৷ বৰপেটা সত্ৰ দৰ্শন কৰি অভিভূত হৈ পৰা বুলি মন্তব্য কৰে মাতৃ-পুত্ৰই৷ এখন স্কুটাৰত দেশ বিদেশ ভ্ৰমণ কৰি পবিত্ৰ তীৰ্থস্থানসমূহ দৰ্শন কৰি ফুৰা এই আধুনিক শ্ৰৱণ কুমাৰে ক'লে- প্ৰতিজন সন্তান হওঁক একো একোজন শ্ৰৱণ কুমাৰ ৷

ABOUT THE AUTHOR

...view details