অসম

assam

By

Published : Mar 15, 2020, 8:28 PM IST

ETV Bharat / state

ছ'চিয়েল মিডিয়াৰ জৰিয়তে যুৱকৰ সন্ধান লাভ

ছ'চিয়েল মিডিয়াৰ জৰিয়তে এজন পুত্ৰক বিচাৰি পালে পিতৃ-মাতৃয়ে ৷ বৰপেটাৰ উদ্যমী যুৱকৰ সহায়ত দৰঙৰ এটা পৰিয়ালে নিজৰ অসুস্থ পুত্ৰক বিচাৰি পালে ৷

বৰপেটাৰ উদ্যমী যুৱকৰ সহায়ত সন্ধান লাভ
ছ'চিয়েল মিডিয়াৰ জৰিয়তে যুৱকৰ সন্ধান লাভ

বৰপেটা, 15 মাৰ্চ : ছ'চিয়েল মিডিয়াৰ অপপ্ৰয়োগৰ বাবেই বহু সময়ত ইয়াৰ নেতিবাচক দিশ প্ৰত্যক্ষ কৰিলেও এক ইতিবাচক দিশে আনন্দ কঢ়িয়াই আনিছে দৰঙৰ এটা পৰিয়াললৈ ৷ বৰপেটাৰ হাউলীৰ সমীপৰ কালঝাৰৰ কেইগৰাকীমান যুৱকৰ তৎপৰতাত ফেচবুকৰ জৰিয়তে পিতৃ-মাতৃৰ সৈতে মিলন ঘটিল এজন যুৱকৰ ৷

ছ'চিয়েল মিডিয়াৰ জৰিয়তে যুৱকৰ সন্ধান লাভ

দৰং জিল‍াৰ ছিপাঝাৰৰ লোকৰায় গাঁৱৰ হংস কলিতাৰ পুত্ৰ দিনেশ কলিতা এবছৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালৰ পৰা নিৰুদ্দেশ হৈছিল ৷ বহু বিচাৰ খোচাৰ কৰিও পৰিয়ালৰ লোকে তেওঁৰ সন্ধান উলিয়াব পৰা নাছিল ৷ কিন্তু যোৱা 10 মাৰ্চত বৰপেটা জিলাৰ হাউলীৰ কালঝাৰত লোকজনক ৰাস্তাৰ কাষত পৰি থকা প্ৰত্যক্ষ কৰে একাংশ লোকে ৷ ৰাস্তাৰ কাষত পৰি যন্ত্ৰনাত চটফটাই থকা লোকজনৰ সোঁ হাতখনত ঘা লাগি পোকে ধৰা প্ৰত্যক্ষ কৰি সাংবাদিক আনিছুজ জামানৰ নেতৃত্বত কালঝাৰৰ মানৱ সেৱা নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সদস্যসকলে আৰক্ষীৰ সহযোগত লগে লগে লোকজনক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰে ৷

কিন্তু, চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে লোকজন চিকিৎসালয়ৰ পৰা পুনৰ সন্ধানহীন হয় ৷ অৱশেষত বৰপেটাৰ মন্দিয়াত বাহাৰুল ইছলাম নামৰ আন এজন যুৱকে লোকজনক উদ্ধাৰ কৰি মন্দিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ৷ লগতে যুৱকজনে দিনেশ কলিতা সম্পৰ্কে ফেচবুকত এটা পোষ্ট দিয়ে ৷ এই পোষ্ট প্ৰত্যক্ষ কৰি চিপাজাৰৰ বিনিতা নাথ নামৰ এগৰাকী যুৱতীয়ে পৰিয়ালৰ লোকক খবৰ দিয়াৰ পাচতে দেওবাৰে দিনেশৰ পিতৃ-মাতৃয়ে বৰপেটাৰ মন্দিয়াত উপস্থিত হৈ পুত্ৰক ঘৰলৈ লৈ যায় ৷ আনহাতে, কালঝাৰৰ মানৱ সেৱা নামৰ সংস্থাটোৰ সৈতে জড়িত যুৱকসকলে দুখীয়া পৰিয়ালটোৰ সহায়ৰ বাবে কিছু আৰ্থিক সাহাৰ্যয়ো আগবঢ়ায় ৷ এবছৰ পাচত নিজৰ অসুস্থ পুত্ৰক বিচাৰি পাই পিতৃ-মাতৃ দুয়ো আৱেগিক হৈ পৰাৰ লগতে বৰপেটাৰ যুৱকৰ এনে মহানুভৱতাৰ শলাগ লয় ৷

আৰু পঢ়ক : জম্মু-কাশ্মীৰৰ ৰাজনৈতিক বন্দীক শীঘ্ৰেই মুক্তিৰ আশ্বাস অমিত শ্বাহৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details