অসম

assam

ETV Bharat / state

কালদিয়াৰ খহনীয়াই খেদিছে পশা কেতেকীবাৰী গাঁৱক

নৈয়ে খেদা এখন গাঁও ৷ যিকোনো মুহূৰ্তত নৈৰ বুকুত বিলীন হ’ব পাৰে গাঁওখন ৷ শংকিত গাঁওবাসী ৷

river bank erosion of kaldia river
river bank erosion of kaldia river

By

Published : Sep 1, 2020, 7:21 PM IST

বজালী,1 ছেপ্টেম্বৰ : কালদিয়া নৈৰ পাৰত পশা কেতেকীবাৰী গাঁও ৷ মূলতঃ কৃষিজীৱী লোকৰ বসতি প্ৰধান এই গাঁওখন ৷ পূৰ্বতে সকলো ঠিকেই আছিল, কিন্তু হঠাৎ সূঁতি সলাই গাঁওখনৰ ফালে ধাৱমান হ’ল কালদিয়া নৈ ৷ কেইবাশ বিঘা মাটি কালদিয়াৰ কালগ্ৰাসত পৰাৰ বিপৰীতে বহু কৃষি ভূমি পৰিণত হৈছে বালিচৰত ৷

লগতে পঢ়ক :কাজিনেমু আৰু কোমল চাউললৈ জি আই টেগ ...

বান-খহনীয়া-বালি সকলোবোৰেই জৰ্জৰিত কৰি তুলিছে পশা কেতেকীবাৰীৰ লোকসকলক ৷ আৰু অলপ দূৰ নৈ খন আগুৱাই আহিলে সমূলঞ্চে নৈৰ বুকুত জাহ যাব গাঁওখন ৷ আনহাতে, গৰাখহনীয়াৰ কবলত পৰি দুঠাইত ক্ষতিগ্ৰস্ত হৈছে নৈৰগাতে লাগি থকা কৃষি বান্ধটোও ৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ খাটনি ধৰিও কোনো সঁহাৰি নোপোৱাত শংকিত হৈ পৰিছে গাঁওবাসী ৷

লগতে পঢ়ক :আমৰণ অনশনত বহিল ডুমডুমাৰ শ্বহীদ নিৰ্যাতিত পৰিয়াল

ABOUT THE AUTHOR

...view details