বৰপেটাৰোড,৬ অক্টোবৰ: ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰোডতো অতি উলহ-মালহেৰে পালিত হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ বৰপেটাৰোডৰ খৈৰাবাৰীত সোমনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে শাৰদীয় দুৰ্গা পূজাৰ মণ্ডপ ৷ খৈৰাবাৰীৰ পূজা মণ্ডপ এইবেলি ৫০ বছৰত ভৰি দিয়াত সোণালী জয়ন্তী উৎসৱ পালন কৰিছে পূজা কমিটিয়ে ৷ কেবা লক্ষ টকা ব্যয় সাপেক্ষে এইবেলিৰ দুৰ্গা পূজা ব্যাপক আনন্দ-উল্লাসৰ মাজেৰে উদযাপন কৰিছে ৷ প্ৰায় ডেৰ মাহ কাল কাম কৰি এই পূজামণ্ডপ সু-সজ্জিত ৰূপে সজাই তোলা বুলি জানিবলৈ দি পূজা সমিতিৰ সভাপতি সমীৰ মজুমদাৰে হিন্দু- মুছলমান সকলো ৰাইজৰ দান বৰঙণিৰে খৈৰাবাৰীৰ এইবেলিৰ পূজা অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷
বৰপেটাৰোডৰ খৈৰাবাৰীৰ দুৰ্গোৎসৱৰ সোণালী জয়ন্তী
প্লাষ্টিকমুক্ত গ্ৰাম্য শাকপাচলি বজাৰৰ প্ৰদৰ্শনী ৷ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন ৷ হাজাৰ হাজাৰ ভক্তৰ ভিৰ ৷
খৈৰাবাৰীৰ পূজাস্থলীত কিদৰে প্লাষ্টিক মুক্ত শাক-পাচলি বজাৰ গঢ় দিব পাৰি তাৰ এটি সুন্দৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ৷ ধুম্ৰপান, অগ্নিনিৰ্বাপক, স্বাস্থ্য, পুলিচ বুথ, এন আৰ চি কাৰ্য্যলয়, চি চি টিভি, ইত্যাদি উক্ত প্ৰদৰ্শনীত উপস্থাপন কৰি সৰ্বস্তৰৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে গ্ৰাম্য জীৱনৰ বাস্তৱ প্ৰতিচ্ছবিৰো প্ৰতিফলন ঘটাইছে ৷ প্ৰদৰ্শনীৰ দ্বাৰা ৰাইজক স্বচ্ছতা আৰু প্লাষ্টিকমুক্ত পৰিৱেশৰ এটি বাৰ্তা দিয়াৰ প্ৰয়াস কৰিছে আয়োজক সমিতিয়ে ৷ আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷
পূজা মণ্ডপৰ কাষত ভক্তপ্ৰাণ ৰাইজক আনন্দ দিয়াৰ বাবে পঞ্চমীৰ দিনৰ পৰাই সাংস্কৃতিক মঞ্চ নিৰ্মাণ কৰি বিভিন্ন ধৰণৰ গীত-মাত , একাংকিকা নাট, বাউল-সংগীত আদি মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰিছে ৷ সাংস্কৃতিক মঞ্চত নিতৌ সন্ধিয়া ছয় বজাৰ পৰা নিশা এঘাৰ বজালৈকে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ দেৱীৰ আশীষ ল'বলৈ খৈৰাবাৰীৰ এই পূজা মণ্ডপস্থলীত হাজাৰ হাজাৰ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷