জনীয়া, 29 আগষ্ট: কলগাছিয়াৰ কাউৰজাহীত বানত সৃষ্টি হোৱা দ' খাৱৈত পৰি সলিল সমাধি মনিৰ উদ্দিন নামৰ এটি পাঁচ বছৰীয়া শিশুৰ । খুৰাকৰ সৈতে গা-ধুবলৈ আহি পানীত নিৰুদ্দেশ হয় শিশুটি । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে জাল মাৰি তিনি ঘন্টাৰ অন্তত উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, কাউৰজাহী গাঁৱৰ নিজাম উদ্দিনৰ একমাত্ৰ পুত্ৰ সন্তান মনিৰ উদ্দিন (5)এ খুৰাকৰ সৈতে ঘৰৰ ওচৰতে থকা দ' খাৱৈ এটাত গা- ধূবলৈ গৈছিল । গা- ধুই থকা অৱস্থাতে হঠাৎ শিশুটি পানীত নিৰুদ্দেশ হৈ পৰে ।
বানত সৃষ্টি হোৱা দ' খাৱৈত পৰি শিশুৰ সলিল সমাধি
এইবেলি হৈ যোৱা বেকীনদীৰ বানপানীত কলগাছিয়া-মোৱামাৰী গড়কাপ্তানী পথৰ কাউৰজাহীত ছিগি সৃষ্টি হৈছিল দ' খাৱৈটো আৰু এই দ' খাৱৈটোৰ মাজতেই সৃষ্টি হৈছে অঘটনটো ।
কলগাছিয়াত বানত সৃষ্টি হোৱা দ' খাৱৈত পৰি শিশুৰ সলিল সমাধি
পিছত স্থানীয় ৰাইজে পানীত নামি নাও, জাল আদিৰে উদ্ধাৰ অভিযান চলায়। শেষত ৰাইজৰ প্ৰচেষ্টাত তিনি ঘন্টাৰ অন্তত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয় । স্মৰ্তব্য যে, এইবেলি হৈ যোৱা বেকীনদীৰ বানপানীত কলগাছিয়া-মোৱামাৰী গড়কাপ্তানী পথৰ কাউৰজাহীত বান্ধ ছিগি সৃষ্টি হৈছিল দ' খাৱৈটো আৰু এই দ' খাৱৈটোৰ মাজতেই সৃষ্টি হৈছে অঘটনটো ।
লগতে পঢ়ক : লোকসভাৰ সচিব হিচাপে নিযুক্ত প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া উৎপল কুমাৰ সিং