বৰপেটা, 7 আগষ্ট :ৰাজ্যৰ স্বাস্থ্যখণ্ডত ব্যাপক পৰিৰ্ৱতন সাধন হৈছে বুলি অসম চৰকাৰে সততে ঢাক ঢোল বজাই থাকে ৷ কিন্তু ৰাজ্যৰ আজিও বহু গাঁৱত নাই চিকিৎসাৰ নিন্মতম সা-সুবিধা ৷ চৰকাৰৰ অৱহেলাৰ বাবেই আজিও ভিন্ন প্ৰান্তত জহি খহি যোৱাৰ উপক্ৰম হৈছে উপ-স্বাস্থ্য কেন্দ্ৰসমূহ ৷ কাণসাৰ নাই জনপ্ৰতিনিধি কিম্বা স্বাস্থ্য বিভাগৰ ৷
উল্লেখযোগ্য যে, বৰপেটা জিলাৰ কাকধোৱা উপ-স্বাস্থ্য কেন্দ্ৰৰ নামত বাৰ বছৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল এটা চৰকাৰী গৃহ । বাৰ বছৰ পূৰ্ৱেই উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ বাবে চেঙা সমষ্টিৰ কাকধোৱাৰ ৰাইজে ভূমি দান কৰিছিল । সেই অনুসৰি চৰকাৰেও গৃহ নিৰ্মাণৰ বাবে ধন আৱন্টন দিছিল ৷ আৰু সিমানতেই যেন দায়িত্ব সমাৰিলে চৰকাৰে ।
গৃহ নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই এফালৰ পৰা জহিখহি এৰাবাৰীত পৰিণত হ’ল নিৰ্মাণস্থলী । পৰিতাপৰ কথা যে, বিগত বাৰ বছৰে এই উপ-স্বাস্থ্য কেন্দ্ৰতো মুকলি কৰা নহ’ল ।