অসম

assam

By

Published : Apr 27, 2020, 12:18 PM IST

ETV Bharat / state

জনিয়াত দৰিদ্ৰ লোকক সাহাৰ্য বিতৰণ সমাজকৰ্মী সাগৰ আলীৰ

পশ্চিম বৰপেটা হাইস্কুলৰ শিক্ষক সাগৰ আলী আৰু তেখেতৰ পত্নীয়ে জনিয়া সমষ্টিৰ শওঁপুৰ অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে ৷

Jania Food distribution
জনিয়াত দৰিদ্ৰ লোকৰ মাজত সমাজকৰ্মী সাগৰ আলী

জনিয়া,27 এপ্ৰিলঃজনিয়া সমষ্টিৰ শওঁপুৰত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে শিক্ষক তথা সমাজকৰ্মী সাগৰ আলীয়ে ৷ পশ্চিম বৰপেটা হাইস্কুলৰ শিক্ষক সাগৰ আলী আৰু তেখেতৰ পত্নীয়ে অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক দৰিদ্ৰ লোকৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে ৷ বিত্তীয় তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই ঘৰত আবদ্ধ হৈ খাদ্য সংকটত পৰা পৰিয়ালসমূহক সাময়িক সকাহ দিবলৈ পবিত্ৰ ৰমজান মাহৰ দ্বিতীয় দিনটোতেই এই খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে সাগৰ আলী আৰু তেওঁৰ পত্নীয়ে।

জনিয়াত দৰিদ্ৰ লোকৰ মাজত সমাজকৰ্মী সাগৰ আলী

ABOUT THE AUTHOR

...view details