অসম

assam

By

Published : Jul 1, 2022, 9:00 PM IST

ETV Bharat / state

কলগাছিয়াত বন বিভাগৰ অভিযানত উচ্ছেদ অবৈধ কাঠফলা মিল

লখিমপুৰত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান(Kalgachia Forest Department Operation against Illegal saw mill) ৷ অভিযানকালত এটা কাঠফলা মেচিনসহ ২০ চি এফ টি কাঠ আদি জব্দ কৰে বন বিভাগে ।

Illegal saw mill seized at Kalgachia
কলগাছিয়াত বন বিভাগৰ অভিযানত উচ্ছেদ অবৈধ কাঠফলা মিল

জনীয়া, 1 জুুলাই :বন বিভাগৰ চকুত ধূলি ছটিয়াই বৰপেটাৰোডৰ চুকে কোণে অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ শুকুৰবাৰে কলগাছিয়াত বন বিভাগৰ অভিযানত কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি গাঁৱৰ পৰা উচ্ছেদ কৰা হ'ল এটা অবৈধ কাঠফলা মিল(Illegal saw mill seized at Kalgachia) ৷

কলগাছিয়াত বন বিভাগৰ অভিযানত উচ্ছেদ অবৈধ কাঠফলা মিল

এই অভিযানকালত (Kalgachia Forest Department Operation against Illegal saw mill)বৰপেটাৰোড বন আঞ্চলিক বিষয়া মুনিন্দ্ৰ তালুকদাৰ বন পালক ১ ৰ নেতৃত্বত বন বিষয়াৰ কৰ্মচাৰীসকলে বালিকুৰি গাঁৱত প্ৰৱেশ কৰি এই অবৈধ কাঠফলা মিলৰ ভেটিত উচ্ছেদ কৰে । এই অভিযানত এটা কাঠফলা মেচিন, আন বিভিন্ন কাঠফলা সামগ্ৰী আৰু ২০ চি এফ টি কাঠ আদি জব্দ কৰে বন বিভাগে । উল্লেখ্য যে, দুলাল নামৰ এজন লোকে দীৰ্ঘদিন ধৰি এই অবৈধ কাঠফলা মিল চলাই আহিছিল ৷

উল্লেখ্য যে, বনবিভাগে বিগত কেইদিনত তিনিটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় । লগতে বন বিভাগৰ এই অভিযান এনেদৰে অব্যাহত থাকিব বুলি বৰপেটাৰোড আঞ্চলিক বন বিষয়া মুনিন্দ্ৰ তালুকদাৰে সংবাদ মাধ্যমযোগে মন্তব্য প্ৰকাশ কৰে ।

লগতে পঢ়ক :ডিব্ৰুগড়ত দুদিনতে 6 টা অবৈধ কাঠফলা মিল জব্দ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details