বৰপেটা, 17 এপ্ৰিল : আমি মিলনৰ অসম বনাব বিচাৰো ৷ এইয়া হ'ল মহাত্মা গান্ধীৰ ভাৰত, জৱহৰলাল নেহৰু, সুভাষ চন্দ্ বসুৰ ভাৰত ৷ যি সাম্প্ৰদায়িক কথা কয়, মানুহৰ মাজত ভয় আৰু হিংসা সৃষ্টি কৰিবলৈ বিচাৰে তাৰ বিৰুদ্ধে আইন বনাম আমি ৷ বুধবাৰে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে মন্তব্য কৰে সাংসদ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৷ উক্ত সভাতে বিজেপিক বাংলাদেশী জনতা পাৰ্টি বুলিও কটাক্ষ কৰে গৌৰৱ গগৈয়ে ৷ ইপিনে বৰপেটাত আহিলে পাকিস্তানত অহা যেন লাগে বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক উভতি ধৰি বৰপেটাবাসীৰ ওচৰত ক্ষমা খুজিবলৈ সভাৰ পৰাই আহ্বান জনায় গৌৰৱ গগৈয়ে ৷
বিজেপিক বাংলাদেশী জনতা পাৰ্টি আখ্যা গৌৰৱ গগৈৰ
বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ লগতে ৰিপুন বৰা আৰু দেৱব্ৰত শইকীয়াই
আনহাতে উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি বিহু এৰি বৰপেটাবাসীয়ে এই সভালৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি অবিভক্ত গোৱালপাৰাক পশ্চিম বংগৰ সৈতে চামিল কৰাৰ পৰা আৰম্ভ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতালৈকে সকলো ক্ষেত্ৰতে কংগ্ৰেছে অসমৰ হকে সংগ্ৰাম কৰি অহা বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ কংগ্ৰেছৰ উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছৰ বহু কেইগৰাকী বিধায়ক উপস্থিত থাকে ৷
উল্লেখ্য যে, বৰপেটাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পূৰ্বেই বৰপেটা সত্ৰত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে গৌৰৱ গগৈয়ে ৷