অসম

assam

কলগাছিয়াৰ সাৰ কেলেংকাৰীৰ আচল তথ্য ফাদিল

By

Published : Oct 26, 2020, 9:22 PM IST

কলগাছিয়াৰ মানৱ কল্যাণ বীজ ভাণ্ডাৰৰ বিৰুদ্ধে চক্ৰান্ত কৰি অৱশেষত বীজ ভাণ্ডাৰ সন্থাৰ সম্পাদক ছামচুল আলমৰ দোকান হ'ল ছীল ৷

কলগাছিয়াৰ মানৱ কল্যাণ বীজ ভাণ্ডাৰ
কলগাছিয়াৰ সাৰ কেলেংকাৰীৰ আচল তথ্য ফাদিল

জনীয়া, 26 অক্টোবৰ :যোৱা 23 অক্টোবৰত মানৱ কল্যাণ বীজ ভাণ্ডাৰত পটাছৰ নামত ৰং কৰা নিমখ বিক্ৰীৰ অভিযোগ তুলিছিল একাংশ খেতিয়কে ৷ এই নকল পটাছৰ বাবেই কৃষকে কৰা খেতি ধ্বংস হোৱা বুলি অভিযোগ তুলি কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ সেই সময়ত এই বাতৰি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল ৷ এই বাতৰিৰ ওপৰত ভিত্তি কৰি আজি বৰপেটা জিলা কৃষি বিষয়া পি চি বায়নৰ সৈতে এটি দল উপস্থিত হৈছিল মানৱ কল্যাণ বীজ ভাণ্ডাৰত ৷

কলগাছিয়াৰ সাৰ কেলেংকাৰীৰ আচল তথ্য ফাদিল

সাৰৰ নমুনা সংগ্ৰহ, কৃষকৰ সাক্ষী আৰু কৃষকৰ খেতিত তদন্তকাৰী বিষয়া উপস্থিত হোৱাৰ পিছত পোহৰলৈ আহে ঘটনাৰ আঁৰৰ ৰহস্য ৷ তথ্য অনুসৰি, অভিযোগকাৰী কৃষকে কৰা নাই কোনো খেতি ৷ সন্থাৰ সম্পাদক ছামচুল আলমে যোগান ধৰিছিল নকল সাৰ আৰু ছামচুল আলমৰ কথা মতেই অভিযোগ কৰিছিল বুলি হুছেইন আলী নামৰ এজন কৃষকে জানিবলৈ দিয়ে ৷

কলগাছিয়াৰ সাৰ কেলেংকাৰীৰ আচল তথ্য ফাদিল

ইফালে নকল পটাছৰ ঘটনাৰ সুযোগ লৈ মানৱ কল্যাণ বীজ ভাণ্ডাৰৰ সত্বাধিকাৰ ৰুবুল আলম শিকদাৰৰ পৰা সন্থাৰ সম্পাদক ছামচুলে ব্লেকমেইলিং কৰি কৃষকক ক্ষতিপূৰণ দিয়াৰ নামত সন্থাৰ ৰচিদ কাটি 50 হাজাৰ টকা আদায় লৈছিল ৷ 50 হাজাৰ টকা আদায় লোৱাৰ পাচতো ছামচুলে নকল সাৰ যোগান ধৰি ভুৱা অভিযোগকাৰী বনাই ৰচিছিল চক্ৰান্ত ৷ উল্লেখ্য যে, মানৱ কল্যাণ বীজ ভাণ্ডাৰ ছীল কৰাৰ উপৰি সন্থাৰ সম্পাদক ছামচুলৰ সাৰৰ দোকানৰ লগতে আন কেইবাটাও সাৰৰ দোকানৰ তদন্তৰ লগতে ছামচুলৰ সাৰৰ দোকানো ছীল কৰে বিভাগীয় কৰ্তৃপক্ষই ৷

কলগাছিয়াৰ সাৰ কেলেংকাৰীৰ আচল তথ্য ফাদিল

লগতে পঢ়ক :শিল্পীৰ তুলিকাত জিলিকিল অৰণ্য মানৱ যাদৱ পায়েং

ABOUT THE AUTHOR

...view details