অসম

assam

ETV Bharat / state

কলগাছিয়াত আমছুৱে দাহ কৰিলে শিক্ষামন্ত্ৰীৰ পুত্তলিকা - Kalgachia

ৰাজ্যৰ ২৭ খন জিলাত টেট পৰীক্ষা অনুষ্ঠিত কৰাক লৈ অব্যাহত প্ৰতিবাদ ৷ বিৰোধী দল কংগ্ৰেছকে ধৰি বিভিন্ন দল-সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰা দেখা গৈছে ৷ শনিবাৰৰ দিনটোত কলগাছিয়াত দেখা গ’ল আমছুৰ চৰকাৰ বিৰোধী প্ৰতিবাদ ৷

aamsu-stages-protest-at-jania
কলগাছিয়াত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃৰ্তি দাহ আমছুৰ

By

Published : Sep 18, 2021, 1:30 PM IST

জনীয়া, 18 ছেপ্তেম্বৰ : কলগাছিয়া চাৰিআলি চ'কত শনিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জিলা আমছুৰ নেতা-কৰ্মীসকলে । ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া টেট পৰীক্ষাৰ বাবে বিভিন্ন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে বৰপেটা, ধুবুৰী, গোৱালপাৰাকে ধৰি ধৰ্মীয় সংখ্যালঘু অধ্যুষিত ৭ খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপন নকৰাৰ প্ৰতিবাদত এই প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ নেতা-কৰ্মীসকলে ৷

কলগাছিয়াত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃৰ্তি দাহ আমছুৰ

শনিবাৰে কলগাছিয়াত আমছুৰ কৰ্মীসকলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰে শিক্ষাক লৈ ধৰ্মীয় ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন কৰে ৷ তেওঁলোকে শিক্ষামন্ত্ৰী ৰণোজ পেগু হায় হায়, বিজেপি চৰকাৰ হায় হায়, ৰণোজ পেগু হুঁচিয়াৰ, অসমৰ প্ৰতিখন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন কৰক, শিক্ষাক লৈ ৰাজনীতি বন্ধ কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে শীঘ্ৰেই এই বৈষম্যমূলক ৰাজনীতি পৰিহাৰ কৰি অসমৰ প্ৰতিখন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে চৰকাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷ নহ’লে ভয়াৱহ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আমছুৰ নেতা-কৰ্মীসকলে ।

লগতে পঢ়ক :সকলাে জিলাতে টেট পৰীক্ষা কেন্দ্র স্থাপনৰ দাবী বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details