অসম

assam

By

Published : Mar 8, 2021, 10:22 PM IST

Updated : Mar 8, 2021, 10:46 PM IST

ETV Bharat / state

কলগাছিয়াত ড৹ হাফিজ ৰফিকুল ইছলামক উষ্ম আদৰণি

কলগাছিয়াত সোমবাৰে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামক আদৰণি জনাই দলীয় কৰ্মী সমৰ্থকে। জনীয়া সমষ্টিত ড৹ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে এআইউডিএফে ৷

কলগাছিয়াত ড৹ হাফিজ ৰফিকুল ইছলামক উষ্ম আদৰণি
কলগাছিয়াত ড৹ হাফিজ ৰফিকুল ইছলামক উষ্ম আদৰণি

জনীয়া, 8 মাৰ্চ: জনীয়া সমষ্টিৰ কলগাছিয়াত সোমবাৰে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামক আদৰণি জনাই দলীয় কৰ্মী সমৰ্থকে। সমষ্টিটোৰ শতাধিক নেতা কৰ্মীয়ে বৰপেটাৰ পৰা বাইক ৰেলী কৰি বিভিন্ন শ্ল'গানেৰে আগুৱাই আনে ড৹ ৰফিকুল ইছলামক।

কলগাছিয়াত ড৹ হাফিজ ৰফিকুল ইছলামক উষ্ম আদৰণি

ইছলামে সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত অসমত প্ৰয়োজনতকৈ অধিক আসনেৰে মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰে ড৹ হাফিজ ৰফিকুল ইছলামে ৷ তেওঁ কয়, জাতি মাটি ভেটি ৰক্ষা কৰাত বিজেপি বিফল হৈছে। যদি বিধায়ক হিচাপে নিৰ্বাচিত হয় প্ৰথমে শিক্ষাক গুৰুত্ব দিয়াৰ লগতে নিবনুৱা, ডি ভোটাৰ, এনআৰচি, গৰাখহনীয়া আদিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা হব বুলিও মন্তব্য কৰে ড৹ হাফিজ ৰফিকুল ইছলামে ৷

লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত চাবুৱাত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভা

Last Updated : Mar 8, 2021, 10:46 PM IST

ABOUT THE AUTHOR

...view details