অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কলগাছিয়াত উত্তাল প্ৰতিবাদ চি পি আই এমৰ - বিধায়ক

বিধায়ক সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr. Himanta Biswa Sarma)ই কৰা মন্তব্যৰ বিৰুদ্ধে দেওবাৰে ৰাজ্যজুৰি প্ৰতিবাদী (Protest) কাৰ্যসূচী ৰূপায়ণ কৰে চি পি আই এম (CPIM) দলে ৷ কলগাছিয়া চাৰিআলি চ'কতো চিপিআইএম দলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

CPIM Protest Against Chief Minister Dr. Himanta Biswa Sarma At Kalgachia
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কলগাছিয়াত উত্তাল প্ৰতিবাদ CPIM ৰ

By

Published : Jul 11, 2021, 6:10 PM IST

জনীয়া, 11 জুলাই : বিধায়ক সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে দেওবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চি পি আই এম (CPIM) দলে ৷ সমগ্ৰ ৰাজ্যৰ লগতে দেওবাৰে কলগাছিয়া চাৰিআলি চ'কতো চিপিআইএম (CPIM)ৰ কলগাছিয়া আঞ্চলিক কমিটীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ই বৰপেটাৰোডত উপস্থিত হৈ বিধায়কৰ সাংবিধানিক প্ৰদত্ত অধিকাৰৰ ওপৰত এক বিতৰ্কিত মন্তব্য আগবঢ়াইছিল ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, বিধানসভাত ( Bidhan Sabha) বিধায়ক সকলে মাত্ৰ দুই বা তিনি মিনিট সময়হে বক্তব্য আগবঢ়াব পাৰিব ৷ ইয়াতকৈ আৰু অধিক সময় ভাষণ প্ৰদান কৰিব নোৱাৰিব বুলি মন্তব্য কৰাক লৈ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ উক্ত মন্তব্যৰ বিৰুদ্ধে দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি চিপিআইএম (CPIM) দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কলগাছিয়াত উত্তাল প্ৰতিবাদ CPIM ৰ

ইয়াৰ সমান্তৰালকৈ কলগাছিয়াতো চিপিআইএম (CPIM)ৰ কলগাছিয়া আঞ্চলিক কমিটীয়ে প্ৰদিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সম্পূৰ্ণ অগণতান্ত্ৰিক বক্তব্য বুলি আখ্যা দিয়ে প্ৰতিবাদকাৰী সকলে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক চৈৰাচাৰী আখ্যা দিয়াৰ লগতে ভৱিষ্যতে যাতে বিধায়ক সকলৰ বিৰুদ্ধে এনে ধৰণৰ কটু মন্তব্য নকৰে, তাৰবাবে সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷ ইফালে প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী হুঁচিয়াৰ, হিটলাৰী শাসন নচলিব আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে । ইফালে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধী দল ৷

মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে শনিবাৰে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে বিৰোধী দলৰ (Against Party) দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ (Congress) প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ লগতে কেইবাজনো কংগ্ৰেছী বিধায়কে ৷ অতিশীঘ্ৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে বিৰোধী দলে ৷

লগতে পঢ়ক-উপ নিৰ্বাচনত সকলো বিৰোধী ঐক্যবদ্ধ হোৱাৰ পোষকতা ৰিপুন বৰাৰ

ABOUT THE AUTHOR

...view details