বৰপেটাৰোড 15 আগষ্ট:স্বাধীনতা দিৱসৰ দিনা বৰপেটাৰোডত উপস্থিত হয় হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ৷ কুটুম্ব সুৰক্ষা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে বৰপেটা জিলা সমিতি আৰু বৰপেটাৰোড আঞ্চলিক সমিতিৰ উদ্যোগত অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি ৭৫ ফুট দৈৰ্ঘ্যৰ জাতীয় পতাকালৈ পদযাত্ৰা কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে (March on Independence Day) ৷
পদযাত্ৰাত অংশলৈ হিন্দুত্ববাদী নেতা গৰাকীয়ে কয়, "গীতা, মহাভাৰতত ছয় প্ৰকাৰ আততায়ীৰ কথা কোৱা হৈছে ৷ সেয়েহে যেতিয়ালৈকে মুছলমানৰ আততায়ীৰ স্বভাৱটো থাকিব তেতিয়ালৈকে চোৰ ডকাইতি, গো হত্যা, নাৰীৰ সতীত্ব হৰণ, ভূমি বেদখল, ঘৰত জুই দিয়া এইবোৰ চলি থাকিব ৷ এই আততায়ীবোৰক আমি বিনাশ কৰিব লাগিব ৷ আমাৰ সভ্যতা সংস্কৃতি, ধৰ্মৰ প্ৰাণ কেন্দ্ৰসমূহ আমি ৰাখিব লাগিব ৷ বৰপেটাৰোডৰ এটা নামঘৰত কেইদিনমান পূৰ্বে ছাইফুল ইছলাম নামৰ এটা চোৰে যি চুৰিকাণ্ড সংঘটিত কৰিছিল, আমি সেই চোৰটোৰ ভিতৰত থকা মানবীয়তাৰ দিশটোহে বিচাৰিছোঁ ৷ সেয়া মুছলমানেই হওঁক হিন্দুৱেই হওঁক ৷"
লগতে মুছলমান মানুহৰ ভিতৰত থকা এই আততায়ীৰ স্বভাৱটো নোহোৱা হলে আমি তেওলোকক তিৰস্কাৰ নকৰো বুলি উল্লেখ কৰিলে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই (Controversial remarks by Satya Ranjan Bora) ।