বৰপেটা,6 এপ্ৰিলঃ বৰপেটাত কংগ্ৰেছৰ সপক্ষে জন সমৰ্থন ৷ ৰাজপথত সমৰ্থকৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ সমদল৷
এতিয়াও স্তিমিত হৈ আছে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ প্ৰচাৰ অভিযান ৷ কিন্তু তাৰমাজতো বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকক লৈ উৎসাহী কংগ্ৰেছ কৰ্মী তথা সমৰ্থকসকল ৷ শুকুৰবাৰে বিয়লি বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ সৈতে বৰপেটা চহৰত নেতৃত্ব লয় এক সমদলৰ ৷
বৰপেটাত কংগ্ৰেছৰ জয় নিশ্চিতঃ আব্দুল খালেক শুকুৰবাৰে কেইবাশ কংগ্ৰেছ কৰ্মীৰ সৈতে বৰপেটা চহৰৰ মাজেৰে সমদল কৰি ৰাজীৱ ভৱনত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক ৷ ৰাইজৰ উৎসাহ দেখি বৰপেটাত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে আব্দুল খালেকে ৷ কেৱল এয়াই নহয়, বৰপেটাত নদীৰ সোঁতৰ দৰে বোৱা ৰাইজৰ সমৰ্থনেই বৰপেটাত কংগ্ৰেছক বিজয়ী কৰিব বুলিও মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে ৷
জনীয়াৰ বিধায়ক হিচাপে বিধান সভাৰ মজিয়াত সৰৱ ভূমিকা গ্ৰহণ কৰি অহা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক দুৰ্বল প্ৰাৰ্থী বুলি একাংশ বিৰোধীয়ে কৰা মন্তব্যৰো সমালোচনা কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ আনহাতে আব্দুল খালেকৰ ভাষাজ্ঞানক লৈ এ আই ইউ ডি এফে কৰা মন্তব্যক নস্যাৎ কৰি ইংৰাজী অথবা হিন্দী, যিকোনো ভাষাতে সদনত মাত মাতিবলৈ সক্ষম বুলিও প্ৰকাশ কৰে আব্দুল খালেকে ৷