পাঠশালা,19 জুন :দেশত মহামাৰী ক’ৰণাই জটিল ৰূপ ধাৰণ কৰাৰ সময়তে অসমটো ক’ভিড পৰিস্থিতি জটিল হৈ পৰিছিল ৷ সম্প্ৰতি অসমত ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক হৈ পৰাত কিছু স্বস্তিৰ নিশ্বাস লৈছে সাধাৰণ জনতাই ৷ তাৰমাজতে শনিবাৰে ক’ভিডকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা পাটাছাৰকুছি সমষ্টিৰ পৰিয়াল সমূহৰ বাসগৃহত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি তথা অসমৰ যোগান আৰু পঞ্চায়ত ও গ্ৰামন্নোয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস ৷ দুৰ্ভগীয়া পৰিয়াল সকলৰ বাসগৃহত উপস্থিত হৈ মৃত ব্যক্তিসকলৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰাৰ লগতে পৰিয়াল কেইটা সমবেদনা জ্ঞাপন কৰে ৷
তাৰ পাচতে মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । তেওঁ কয় যে, যদি নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্ব শৰ্মা থাকে অসম কংগ্ৰেছ মুক্ত বুথ হ'ব ৷ ইপিনে শেহতীয়াকৈ কংগ্ৰেছ দলৰ বিধায়ক তথা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বিজেপি গমনৰ প্ৰসংগত কয় যে, কেৱল ৰূপজ্যোতি কুৰ্মীয়ে নহয় আৰু কেইবাজনো বিধায়ক বিজেপিলৈ আহি আছে ৷ মাত্ৰ বিধায়ক পদ খাৰিজ হোৱাৰ ভয়ত হে মুকলিকৈ আহিব খোজা নাই তেওঁলোক ৷
আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত দাসে কয় যে, বিজেপি দলে মৰ্যদাপূৰ্ণ স্থান প্ৰদান কৰিছে সোণোৱালক ৷