অসম

assam

ETV Bharat / state

বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত ব্যাপক কেলেংকাৰীৰ অভিযোগ

বৰপেটাত স্বচ্ছ ভাৰত মিছনৰ অধীনত শৌচালয় নিৰ্মাণৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ৷ উক্ত আঁচনিৰ দায়িত্বত থকা কণিষ্ঠ অভিযন্তা নাছিৰুদ্দিন আহমেদে আত্মসাৎ কৰিছে প্ৰায় ২৫৬ কোটি টকা ৷ এই অভিযোগ উত্থাপন কৰিছে আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে ৷

Complaints of massive scandal in the public health department of Barpeta assam etv bharat news
বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ

By

Published : Aug 19, 2020, 2:08 PM IST

বৰপেটা,19 আগষ্ট:বৰপেটাৰজনস্বাস্থ্য কাৰিকৰী বিভাগত শৌচালয় নিৰ্মাণৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ৷ এই অভিযোগ উত্থাপন কৰিছে আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,জিলাখনৰ বাঘবৰ সমষ্টিৰ সত্ৰকণৰা নামৰ গাঁৱখনৰ স্বচ্ছ ভাৰত মিছনৰ অধীনত শৌচালয় নিৰ্মাণৰ দায়িত্বত ন্যস্ত আছিল কণিষ্ঠ অভিযন্তা নাছিৰুদ্দিন আহমেদ ৷ কিন্তু কোনো কাম সম্পূৰ্ণ নকৰাকৈ কণিষ্ঠ অভিযন্তাগৰাকীৰ ছত্ৰছায়াত আত্মসাৎ কৰা হৈছে আঁচনিখনৰ নামত আৱণ্টিত ধন ৷

শৌচালয় নিৰ্মাণৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ

উল্লেখ্য যে,হিতাধিকাৰীসকলে বাৰম্বাৰ অভিযোগ উত্থাপন কৰাৰ পিছতো নাছিৰুদ্দিন আহমেদ নামৰ অভিযন্তা গৰাকীয়ে বাঘবৰত কোনো অনিয়ম সংঘটিত নোহোৱা বুলি দাবী কৰে ৷ বঞ্চিত হিতাধিকাৰীসকলে সম্প্ৰতি বিষয়টোত প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰি উচিত তদন্তৰ বাবে আহ্বান জনাইছে ৷ হিতাধিকাৰীসকলৰ অভিযোগ অনুসৰি বৰপেটাত স্বচ্ছ ভাৰত মিছনৰ নামত সংঘটিত হৈছে প্ৰায় ২৫৬ কোটি টকীয়া কেলেংকাৰী ৷

লগতে চাওকঃমহানগৰীত পণ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

ABOUT THE AUTHOR

...view details