বৰপেটা, 23 মে' :বৰপেটাৰ বাঘবৰ পাহাৰৰ এক নৈসৰ্গিক পৰিবেশত স্থাপিত এখন সত্ৰ বৈঠাপুতা ঘাট সত্ৰ ৷ বাঘবৰ পাহাৰৰ দাঁতিত জিৰিজিৰি বৈ অহা নিজৰাৰ শব্দৰ লগতে আৰু হৰিনাম ধ্বনিৰে মুখৰিত হৈ থকা বৈঠাপুতা ঘাট সত্ৰ এতিয়া অস্তিত্বৰ সংকটত ৷ কিয়নো ব্ৰহ্মপুত্ৰৰ খহনীয়াই সত্ৰখনৰ বাবে কঢ়িয়াইছে তীব্ৰ ভাবুকি ৷ কিন্তু এই পৰ্যন্ত চৰকাৰ তথা প্ৰশাসনে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷ সেয়েহে এই বিষয়টোক লৈ এতিয়া চিন্তিত হৈ পৰিছে বৰপেটাৰ সত্ৰ সমাজ তথা সচেতন মহল (Boithapota Ghat Satra towards destruction in erosion)।
ইতিমধ্যে ভয়াৱহ বানৰ ফলত সৃষ্টি হোৱা তীব্ৰ গৰাখহনীয়াত জাহ গৈছে বহু খিলঞ্জীয়া তথা বড়ো সম্প্ৰদায়ৰ মাটি-ভেঁটিৰ লগতে বাসগৃহ (Land erosion in Barpeta)৷ সত্ৰৰ পৰা ব্ৰহ্মপুত্ৰলৈকে এতিয়া দূৰত্ব মাথো ৫০ মিটাৰ ৷ যদি শীঘ্ৰেই এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে অনাগত দিনত জাহ যাব এই সত্ৰ ৷ নিজৰ মাটি-ভেঁটি সৰ্বস্ব হেৰুৱাই বাঘবৰ পাহাৰত শেষ সম্বল হিচাপে সত্ৰখনক সাৰথি কৰি বহুকেইটি অসমীয়া পৰিয়ালে বাস কৰি আছে যদিও এতিয়া সত্ৰখন ব্ৰহ্মপুত্ৰত জাহ যাবলৈ লোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ৷